স্বাস্থ্যৰ বাবে ব্যায়াম অতি উপকাৰী আৰু গুৰুত্বপূৰ্ণ ৷ কিন্তু অত্যধিক শাৰীৰিক কাৰ্য-কলাপৰ বাবে স্বাস্থ্যৰ অৱনতিও ঘটিবলৈ আৰম্ভ কৰে ৷ বিশেষকৈ গ্ৰীষ্মকালত ব্যায়াম কৰাৰ সময়ত অতি সাৱধান হ’ব লাগে ৷
মেয়’ ক্লিনিকৰ তথ্য অনুসৰি, এজন ব্যক্তিক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবলৈ প্ৰতিদিনে মাত্ৰ ৩০ মিনিট ব্যায়াম কৰিলেই যথেষ্ট ৷ গ্ৰীষ্মকালত ব্যায়াম কৰাৰ উত্তম সময় হ’ল পুৱা ১০ বজাৰ পিচত আৰু সন্ধিয়া ৪ বজাৰ পিচত ৷ এনে পৰিস্থিতিত যদি আপুনি গৰমৰ দিনত ভুল সময়ত আৰু দীৰ্ঘদিন ধৰি শাৰীৰিক ক্ৰিয়া-কলাপ কৰি আছে, তেন্তে সাৱধান হওক ৷ কাৰণ তেনে কৰিলে তলত উল্লেখ কৰা এই স্বাস্থ্যজনিত সমস্যাবোৰে দেখা দিব পাৰে-
হিট ষ্ট্ৰোকৰ আশংকা
অতিমাত্ৰা ব্যায়ামৰ ফলত হিট ষ্ট্ৰোকৰ দৰে গুৰুতৰ ৰোগৰ সম্ভাৱনাও বৃদ্ধি পায় ৷ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰিব নোৱাৰাৰ ফলত হিট ষ্ট্ৰোক হয় ৷ ইয়াৰ লক্ষণসমূহ হ’ব পাৰে এনেধৰণৰ - অতিমাত্ৰা জ্বৰ, বমি, মূৰ্চ্ছা যোৱা আৰু হৃদ আক্ৰমণ ৷ গতিকে লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ৷
অনিদ্ৰা