গুৱাহাটী, 27 জুন :এঞ্জেল কি ? সাধাৰণতে এঞ্জেল বুলি ক’লে আমি পৰীক বুজোঁ । এঞ্জেল বুলি শুনাৰ পিচত এইটো কথা মনলৈ আহিব পাৰে যে এঞ্জেল ক’ত আছে ? সাধাৰণতে এঞ্জেল ক’ত থাকে ? এই প্ৰশ্নৰ উত্তৰত দেৱীশ্ৰী হাজৰিকাই কয়, ‘এঞ্জেল আমাৰ ওচৰে পাজৰেই আছে । এঞ্জেল এটা শক্তি, এটা এনাৰ্জী । এঞ্জেলক ভগৱানৰ দূত বুলিও কোৱা হয় । ঈশ্বৰ বা ভগৱান তেওঁৰ নিৰ্দিষ্ট কামৰ বাবে ব্যস্ত হৈ থাকে । সেয়ে সকলো সময়তে আমি তেখেতক নাপাব পাৰো, কিন্তু তেখেতৰ দূতজনক লগ পাব পাৰো আৰু সেই দূতজনেই হৈছে এঞ্জেল ।’
দেৱীশ্ৰী হাজৰিকাৰ সৈতে বিশেষ সাক্ষাৎকাৰ (ETV Bharat Assam) এঞ্জেলে সঁচাকৈ আমাৰ জীৱনত প্ৰভাৱ পেলাই নেকি ?
এঞ্জেলে আমাৰ জীৱনত সাংঘাতিক ধৰণে প্ৰভাৱ পেলায় । এঞ্জেল বহু শক্তিশালী । এঞ্জেলৰ প্ৰভাৱৰ ফলত আমাৰ জীৱনৰ কামসমূহ সোনকালে সম্পন্ন হয় ।
এঞ্জেলক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰাৰ নিয়ম কি ?
এঞ্জেলক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰিবলৈ হ’লে প্ৰথমে এঞ্জেলৰ বিষয়ে জানি ল’ব লাগিব । কিছু এনে নিয়ম আছে যে যিবোৰ জনাৰ পাচতহে আমি তেওঁলোকক আমাৰ জীৱনলৈ নিমন্ত্ৰণ কৰিব পাৰো । আমাৰ সমস্যাৰ বিষয়ে তেওঁলোকক জনাব লাগিব । যদিও তেওঁলোকে আমাৰ সমস্যাৰ বিষয়ে জানে তথাপিও তেওঁলোকক আমাৰ সমস্যাৰ বিষয়ে আমি জনাব লাগিব । তেওঁলোকক নিমন্ত্ৰণ কৰিব লাগিব । তেতিয়াহে এঞ্জেলসমূহে আমাৰ সমস্যাবোৰ সমাধান কৰাত সহায় কৰিব ।
উল্লেখ্য যে, বৰ্তমান সময়ত বহুতে এঞ্জেল কাৰ্ড ৰিডিং কৰা দেখা যায় । এই এঞ্জেল কাৰ্ডসমূহত কিছু বার্তা থাকে । যি বাৰ্তাৰ যোগেৰে কিছু মেচেজ লাভ কৰে একো একোজন ব্যক্তিয়ে । এঞ্জেল কাৰ্ড ৰিডাৰ দেৱীশ্ৰী হাজৰিকাই জানিবলৈ দিয়া অনুসৰি সকলো বিষয় যেনে স্বাস্থ্য, পঢ়া-শুনা, কৰ্ম, জীৱন আদি প্ৰতিটো সমস্যাৰে এঞ্জেল বেলেগ বেলেগ ।
লগতে পঢ়ক :বিশ্বাস-অবিশ্বাসৰ মাজত ৰেইকীৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ, কিবা এটাতো নিশ্চয় আছে ! - REIKI THERAPY