অসম

assam

ETV Bharat / health

ঋতুস্ৰাৱক সময়ত অসহ্যকৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ খাওঁক এই খাদ্য

ঋতুস্ৰাৱৰ সময়ত মহিলাসকলে প্ৰায়েই অসহ্যকৰ বিষৰ সন্মুখীন হয় ৷ কিন্তু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ আপুনি কিছুমান স্বাস্থ্যকৰ খাদ্য সামগ্ৰী খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে-

By ETV Bharat Health Team

Published : 5 hours ago

Eat this food to get rid of unbearable pain during menstruation
ঋতুস্ৰাৱক সময়ত অসহ্যকৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ খাওঁক এই খাদ্য (ETV Bharat)

মাহেকীয়াৰ সময়ত পেটৰ বিষ স্বাভাৱিক যদিও এই বিষে বাৰুকৈয়ে যন্ত্ৰণা দিয়ে ৷ এই কেইদিনত তলপেটৰ বিষৰ লগতে মেজাজ সলনি হোৱা আৰু হতাশা অনুভৱ কৰাটোও স্বাভাৱিক ৷ কিন্তু, মাহেকীয়াৰ সময়ত সঠিক পুষ্টি গ্ৰহণ কৰি আপুনি এই সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰে ৷ হয়, এই দিনকেইটাত শৰীৰটোক সক্ৰিয় তথা সুস্থ কৰি ৰাখিবলৈ আপুনি আপোনাৰ খাদ্য তালিকা সলনি কৰিব লাগিব ৷ মাহেকীয়াৰ দিনত খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰিবলগীয়া খাদ্যসমূহ হৈছে-

কাঠবাদাম

আন দিনৰ লগতে মাহেকীয়াৰ দিনকেইটাটো প্ৰতিদিনে এমুঠি কাঠবাদাম খাবলৈ ল'ব ৷ কাঠবাদামৰ পৰা শৰীৰে ভিটামিন বি৬, প্ৰ'টিন, আঁহ আৰু আন বহুতো খনিজ প্ৰাপ্ত কৰে ৷ যাৰ ফলত মাহেকীয়াৰ সময়ত লাগতিয়াল পুষ্টি লাভ কৰি শৰীৰটোক সুস্থ কৰি ৰাখে ৷ ৷

নেমু বা আমলখিৰ ৰস

এই দিনকেইটাত চাহ, ঠাণ্ডা পানীয় খোৱাৰ সলনি এগিলাচ আমলখি ৰস বা নেমুৰ ৰস খাব ৷ ই শৰীৰক ভিটামিন চি প্ৰদান কৰে, যি আইৰণ আৰু খনিজ পদাৰ্থ শোষণ কৰাত অধিক সহায় কৰে ৷

দৈ বা বাটাৰমিল্ক

প্ৰতিদিনে এটা বাটি দৈ বা এগিলাচ বাটাৰমিল্কে শৰীৰৰ ভাল বেক্টেৰিয়া বৃদ্ধি কৰাত সহায় কৰে ৷ ই শৰীৰক ভিটামিন বি আৰু কেলচিয়াম প্ৰদান কৰাত সহায় কৰে, যি ঋতুস্ৰাৱৰ বিষ নিয়ন্ত্ৰণ কৰাত অধিক সহায় কৰে ৷

প্ৰতিদিনে এবিধ সতেজ ফল

আমি দৈনিক কমেও এটা সতেজ ফল খাব লাগে ৷ কল হওঁক বা মধুৰিআম হওঁক, আমি পুষ্টিগত লাভালাভ প্ৰাপ্ত কৰিবলৈ এটা ঋতুগত ফল খোৱাৰ ক্ষেত্ৰত গুৰুত্ব দিয়া উচিত ৷

খেজুৰ-ক'লা কিচমিচ

খেজুৰ বা ক'লা কিচমিচ খোৱাটোৱে ঋতুস্ৰাৱৰ বিষৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ ই মাহেকীয়াৰ দিনকেইটাত শৰীৰটোক সুস্থিৰ কৰি ৰখাত সহায় কৰে ৷

ৰাগিৰ লাৰু

এই দিনকেইটাত বিস্কুট খোৱাৰ পৰিৱৰ্তে ৰাগিৰ লাড়ু খাব ৷ এটা ৰাগিৰ লাড়ুয়ে আপোনাৰ শৰীৰক লাগতিয়াল কেলচিয়াম, আইৰণ, ভিটামিন বি আৰু প্ৰ'টিনৰ দৈনিক পালি প্ৰদান কৰিব ৷ যাৰ ফলত পেটৰ বিষ হ্ৰাস আৰু শৰীৰটো সক্ৰিয় হৈ থাকিব ৷

https://www.healthline.com/health/womens-health/what-to-eat-during-period#foods-to-eat

লগতে পঢ়ক:ঋতুস্ৰাৱৰ সমস্যাসমূহক নকৰিব আওকাণ; নিশ্চয় কৰাওক এইসমূহ পৰীক্ষা

ABOUT THE AUTHOR

...view details