অতীজৰে পৰা মানুহে হুক্কা খাই আহিছে । আজিকালি যুৱক-যুৱতীসকলৰ মাজতো ইয়াৰ উন্মাদনা যথেষ্ট বৃদ্ধি পাইছে । অৱশ্যে যুৱক-যুৱতীসকলে ধঁপাতজাতীয় নহয় ভিন্ন সোৱাদত উপলব্ধ হুক্কাহে গ্ৰহণ কৰে । কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ধঁপাতৰ হুক্কাতকৈ ই কম ক্ষতিকাৰক ।
শেহতীয়াকৈ কৰ্ণাটক চৰকাৰে ৰাজ্যৰ ৰাজহুৱা স্থানত ধূমপান আৰু হুক্কা বিক্ৰী নিষিদ্ধ কৰিছে ৷ ইয়াত যুৱক-যুৱতীসকলৰ মাজত হুক্কা সেৱনৰ ধাৰা বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ইয়াৰ ফলত হোৱা ৰোগৰ ওপৰত খৰচৰ বোজা কমোৱাৰ প্ৰতি লক্ষ্য ৰাখি এই কাম কৰা হৈছে ৷ আপোনালোকক জনাই দিও যে, WHO ৰ Global Adult Tobacco Survey 2016-17ৰ মতে, কৰ্ণাটকৰ ২২.৮ শতাংশ যুৱকে ধঁপাত সেৱন কৰে ৷
হুক্কা খোৱাটো কিয় বিপদজনক ?
ষ্টেনফৰ্ড মেডিচিনৰ মতে, এটা হুক্কা চেচন প্ৰায় এঘণ্টা ধৰি চলি থাকে, যিটো ১০০টা চিগাৰেট খোৱাৰ সমতুল্য ৷ এনে পৰিস্থিতিত যদি আপুনি প্ৰতিদিনে হুক্কা সেৱন কৰে তেন্তে অতি সোনকালে আপুনি গুৰুতৰ স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’ব পাৰে ৷
হুক্কা খোৱাৰ অসুবিধা