গুৱাহাটী, 5 জুন:বৰ্তমান সময়ত সকলোৱে সন্মুখীন হোৱা এটা ভয়াৱহ সমস্যা হৈছে প্ৰদূষণৰ সমস্যা ৷ বিশেষকৈ বায়ু প্ৰদূষণ ৷ দিল্লী আদিকে ধৰি ভাৰতৰ কেইবাখনো চহৰ সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰদূষিত চহৰ হিচাপে পৰিগণিত হৈছে ৷ এইক্ষেত্ৰত পিচপৰি ৰোৱা নাই গুৱাহাটী মহানগৰীও ৷ লেতেৰা চহৰসমূহৰ ভিতৰত গুৱাহাটী মহানগৰীৰো স্থান আছে ৷ সমান্তৰালভাৱে বায়ু প্ৰদূষণো গুৱাহাটী মহানগৰীত খুবেই বেছি ৷ এই প্ৰদূষণৰ ফলত আমাৰ জনস্বাস্থ্যৰ ওপৰত অধিক প্ৰভাৱ পৰে ৷ বায়ু প্ৰদূষণে বিশেষকৈ হাওঁফাওঁৰ ওপৰত প্ৰভাৱ পেলায় ৷ হাওঁফাওঁৰ ভিন্ন ৰোগ হোৱাৰ উপৰিও হৃদপিণ্ডৰ ৰোগ হোৱাৰ সম্পৰ্কে সকলোৱে অৱগত ৷
ডাঃ বসন্ত কুমাৰ বৈশ্য (ETV BHARAT) কিন্তু এই বায়ু প্ৰদূষণৰ ফলত কেৱল হাওঁফাওঁৰে নহয় স্নায়ুৰ ৰোগৰ ক্ষেত্ৰতো বহু প্ৰভাৱ পেলায় ৷ ২০১২ চনৰ পৰা সমগ্ৰ বিশ্বজুৰি Global Health Societyয়ে ইয়াৰ ওপৰত কৰা বহু আলোচনাৰ ভিত্তিত এই কথাত উপনীত হোৱা গৈছে যে, বায়ু প্ৰদূষণৰ ফলত ইয়াৰ প্ৰভাৱ স্নায়ুৰ ৰোগৰ ক্ষেত্ৰতো পৰে ৷
বায়ু প্ৰদূষণে কেনেদৰে স্নায়ুৰ ৰোগৰ ওপৰত প্ৰভাৱ পেলায় ?
বায়ু প্ৰদূষণৰ ফলত যিবোৰ Particulate Matter যাক PM বুলি কোৱা হয় ৷ PM 2.5 মাইক্ৰন বা তাতকৈ যদি কমি থাকে তেন্তে এই ধৰণৰ মাইক্ৰনবোৰৰ পৰা ষ্ট্ৰ'কজনিত কাৰণৰ সম্ভাৱনা বৃদ্ধি পায় ৷ এই Particulate বোৰ বিশেষকৈ গাড়ী-মটৰ, কয়লা পুৰিলে আৰু খৰিৰে ভাত ৰান্ধিলে বেছিকৈ ওলায় ৷ ইয়াৰ পৰা ওলোৱা Particulate অতি সৰু থাকে আৰু ই বিস্তৃত আকাৰত বিয়পি ফুৰে ৷ ইয়াৰ ওজন কম হোৱাৰ বাবে ই বতাহতে উপঙি থাকে আৰু ই বহু দিনলৈ ক্ৰিয়া কৰি থাকিব পাৰে ৷ যাৰ ফলত ই আমাৰ শৰীৰত ভিন্ন ধৰণে প্ৰভাৱ পেলাই ষ্ট্ৰ'কৰ কাৰণ হৈ পৰে ৷
ইয়াৰোপৰি বায়ুত থকা বিভিন্ন ধৰণৰ জৈৱিক-অজৈৱিক কণিকাৰ বাবে স্নায়ুৰ ভিন্নৰোগ হ'ব পাৰে ৷ বৰ্তমান সময়ত স্মৃতি ভ্ৰমৰ সমস্যা আমাৰ সমাজত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ স্মৃতি ভ্ৰমৰ সমস্যা এটা মূল কাৰণ হৈছে বায়ু প্ৰদূষণ ৷ আনহাতে, এল'জিমাল, পাৰ্কিচন আদিকে ধৰি বহুৰোগ ক্ষেত্ৰত বায়ু প্ৰদূষণে ক্ৰিয়া কৰে ৷
সেয়ে প্ৰদূষণমুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত সকলো লোকেই সজাগ হোৱাটো খুবেই জৰুৰী ৷
লগতে পঢ়ক:ঘৰৰ পৰা ওলাওতে চশমা পিন্ধাটো বাঞ্ছনীয় কিয় জানক - Protect Yourself from Air Quality