অসম

assam

WHOৰ সতৰ্কবাণী: ২০ বছৰৰ ভিতৰত ভাৰতত অতি ভয়াৱহ ৰূপ লৈছে এই ভাইৰাছে - Chandipura Virus

By ETV Bharat Health Team

Published : Aug 29, 2024, 4:04 PM IST

Chandipura Virus: বিশ্ব স্বাস্থ্য সংস্থাই এক চিন্তনীয় সতৰ্কবাণী জাৰি কৰি কয় যে ভাৰতত বৰ্তমান চণ্ডীপুৰা ভাইৰাছৰ ভয়াৱহতা বিগত ২০ বছৰৰ ভিতৰত সৰ্বাধিক হৈছে । যাৰ বাবে জনসাধাৰণক সতৰ্কতা বজাই ৰাখিবলৈ পৰামৰ্শ দিয়ে WHOএ-

Chandipura virus outbreak in India largest in 20 years, says WHO
WHOৰ সতৰ্কবাণী: ২০ বছৰৰ ভিতৰত ভাৰতত অতি ভয়াৱহ ৰূপ লৈছে এই ভাইৰাছে (ETV Bharat Assam)

বিশ্ব স্বাস্থ্য সংস্থাই এক চিন্তনীয় সতৰ্কবাণী জাৰি কৰি কয় যে, ভাৰতত বৰ্তমান চাণ্ডীপুৰা ভাইৰাছে ২০ বছৰৰ ভিতৰত অতি ভয়াৱহ ৰূপ লৈছে ৷ এই ভাইৰাছৰ দ্বাৰা সৃষ্টি হোৱা একুইট এনচেফেলাইটিছ চিণ্ড্ৰম (AES) ৰোগৰ ঘটনা চলিত বৰ্ষত দ্ৰুতগতিত বৃদ্ধি পাইছে আৰু বহু লোকে প্ৰাণ হেৰুৱাইছে ৷

WHO’ৰ তথ্যঅনুসৰি জুন মাহৰ আৰম্ভণিৰ পৰা ১৫ আগষ্টৰ ভিতৰত স্বাস্থ্য মন্ত্ৰণালয়ে ২৪৫ জন এ ই এছত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰিছে, ইয়াৰে ৮২ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ দেশৰ ৪৩ খন জিলাত এই ৰোগত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে আৰু ইয়াৰে ৬৪ জন লোক চাণ্ডীপুৰা ভাইৰাছত আক্ৰান্ত হোৱা দেখা গৈছে ৷

আপোনালোকক জনাই দিও যে, চাণ্ডীপুৰা ভাইৰাছ ৰেবডোভিৰিডে বংশৰ সদস্য যিয়ে দেশৰ পশ্চিম, মধ্য আৰু দক্ষিণ অঞ্চলত বিশেষকৈ বাৰিষাৰ সময়ত বিচ্ছিন্নভাৱে এই ৰোগত আক্ৰান্ত ৰোগী আৰু তথা ভয়াৱহতাৰ সৃষ্টি কৰিছে ৷ এই ভাইৰাছ ভেচিকুলোভাইৰাছ বংশৰ সদস্য আৰু সংক্ৰমিত মহ, টিক বা চেণ্ডফ্লাইৰ কামোৰৰ দ্বাৰা বিয়পিব পাৰে ৷ চেণ্ডফ্লাই (Sandfly) এবিধ সৰু মাখি, যি সাধাৰণতে গ্ৰাম্য অঞ্চলত পোৱা যায় ৷

চাণ্ডীপুৰা ভাইৰাছ কি হয় ?

চাণ্ডীপুৰা ভাইৰাছ হৈছে মগজু আৰু মেৰুদণ্ডত আক্ৰান্ত হোৱা এক প্ৰকাৰৰ ভাইৰাছ ৷ এই ভাইৰাছত আক্ৰান্ত হ’লে জ্বৰ, মূৰৰ বিষ, বমি, আক্ৰমণ, চেতনা হেৰুৱা আদি লক্ষণ দেখা দিয়ে আৰু সময়মতে ইয়াৰ চিকিৎসা নকৰিলে ই মাৰাত্মক ৰূপো ধাৰণ কৰিব পাৰে ৷

কিয় বৃদ্ধি পাইছে ৰোগী ?

জলবায়ু পৰিৱৰ্তন, মহৰ প্ৰজননৰ অনুকূল পৰিৱেশ আৰু মানুহৰ মাজত সজাগতাৰ অভাৱকে ধৰি চাণ্ডীপুৰা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধিৰ কেইবাটাও কাৰণ আছে বুলি বিশেষজ্ঞসকলে জানিবলৈ দিয়ে ৷

চাণ্ডীপুৰা ভাইৰাছৰ লক্ষণ কি কি ?

  • উচ্চ জ্বৰ
  • বমি
  • ডায়েৰিয়া
  • মূৰৰ বিষ
  • মগজুত প্ৰদাহ (এনচেফেলাইটিছ)

প্ৰতিৰোধমূলক ব্যৱস্থা কি ?

  • মহৰ পৰা ৰক্ষা পাবলৈ আঁঠুৱা ব্যৱহাৰ কৰক
  • শৰীৰ সম্পূৰ্ণৰূপে ঢাকি ৰাখক
  • ঘৰৰ চাৰিওফালে পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক
  • আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক

https://www.who.int/emergencies/disease-outbreak-news/item/2024-DON529

লগতে পঢ়ক:... তেন্তে এইটো হৈছে ডেংগুৰ আটাইতকৈ মাৰাত্মক লক্ষণ: জানি লওক প্ৰতিৰোধৰ ব্যৱস্থা - Plasma Leakage

ABOUT THE AUTHOR

...view details