কাঠবাদাম খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী আৰু এই কথা আমি সকলোৱে জানো ৷ বিশেষকৈ পানীত তিয়াই থোৱা কাঠবাদামত পুষ্টিকৰ উপাদানৰ মাত্ৰা আৰু যথেষ্ট বৃদ্ধি পায় ৷ সেইবাবেই কাঠবাদামক পুষ্টিকৰ পদাৰ্থৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয় ৷
ভিটামিন ই, এন্টিঅক্সিডেন্ট আৰু স্বাস্থ্যকৰ চৰ্বিৰে সমৃদ্ধ কাঠবাদামে আমাৰ ছালখনক হাইড্ৰেটিং আৰু মইশ্ব’ৰাইজ কৰাত সহায় কৰে আৰু কলাজেন উৎপাদন বৃদ্ধি কৰে ৷ যাৰ ফলত ফ্ৰী ৰেডিকেলৰ ফলত হোৱা ক্ষতিক ছালত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিয়ে ৷
যদি আপুনিও নিয়মিতভাৱে তিয়াই থোৱা কাঠবাদাম খায়, তেন্তে ই আপোনাৰ ছালৰ উজ্বলতা বৃদ্ধি কৰাত সহায় কৰে ৷ গতিকে ছালৰ যত্নৰ ৰুটিনত কাঠবাদাম অন্তৰ্ভুক্ত কৰাটো খুবেই জৰুৰী ৷ দৈনিক তিয়াই থোৱা কাঠবাদাম খালে ছালৰ কি উপকাৰিতা হয় জানো আহক-
ছালখন হাইড্ৰেটেড কৰি ৰাখে
পানীত তিয়াই থোৱা কাঠবাদামত প্ৰচুৰ পৰিমাণে পানী থাকে, যিয়ে আপোনাৰ শৰীৰক হাইড্ৰেটেড কৰি ৰখাত সহায় কৰে ৷ সুস্থ আৰু কোমল ছালৰ বাবে হাইড্ৰেচন অতি প্ৰয়োজনীয় ৷ কাৰণ ই ঘাম আৰু প্ৰস্ৰাৱৰ জৰিয়তে শৰীৰৰ পৰা দূষিত পদাৰ্থ আঁতৰাই ৰক্ত সঞ্চালন বৃদ্ধি কৰে ৷