এপ্ৰিল ফুলছ ডে’ প্ৰতি বছৰে ১ এপ্ৰিলত পালন কৰা হয় । এই দিনটো মানুহে তেওঁলোকৰ প্ৰিয়জন বা বন্ধুবৰ্গক আচৰিত কৰিবলৈ নতুবা ভয় খুৱাবলৈ বিভিন্ন হাস্যকৰ কথা অতি চিৰিয়াছ ৰূপত উপস্থাপন কৰে আৰু তাৰ পিচত শেষত প্ৰকাশ কৰে যে এই সকলোবোৰ মুখ্যতঃ ভুৱা ৷ বিশেষ দিনটো বিশেষভাৱে হাঁহি-ফূৰ্তিৰ মাজেৰে পাৰ কৰাৰ একে ধেমেলীয়া প্ৰয়াস মাথো । এপ্ৰিল ফুলছ ডে’ বিভিন্ন সংস্কৃতিয়ে শতিকাজুৰি উদযাপন কৰি আহিছে ৷
এপ্ৰিল ফুলছ ডে’ ১ এপ্ৰিলত কিয় উদযাপন কৰা হয় ? এপ্ৰিল ফুলছ দিৱসৰ উৎপত্তি সম্পৰ্কে বিভিন্ন কাহিনী আৰু তত্ত্ব আছে, কিন্তু সচৰাচৰ শুনিবলৈ পোৱা কাহিনী অনুসৰি, এই দিনটোৰ উৎপত্তি ষোড়শ শতিকাৰ শেষৰ ফালে হৈছিল বুলি গম পোৱা যায় ।
সেই সময়ত ১ জানুৱাৰীক বছৰৰ আৰম্ভণি হিচাপে লৈ পোপ ত্ৰয়োদশ গ্ৰেগৰীয়ে গ্ৰেগৰিয়ান কেলেণ্ডাৰ ৰূপায়ণৰ প্ৰস্তাৱ আগবঢ়াইছিল, যিয়ে মাৰ্চ মাহৰ শেষৰ ফালে নতুন বছৰ উদযাপন কৰা পৰম্পৰাৰ ঠাই লয় ।
কিন্তু কিছুমান লোক এই পৰিৱৰ্তনৰ বিষয়ে অজ্ঞাত আছিল আৰু তেওঁলোকে ১ এপ্ৰিলতে নৱবৰ্ষ পালন কৰি গৈছিল আৰু এনেদৰে আনসকলে তেওঁলোকক উপহাস কৰিছিল । যিসকলে ১ এপ্ৰিলত নৱবৰ্ষ উদযাপন কৰিছিল তেওঁলোকক 'মূৰ্খ' বুলি লেবেল দিয়া হৈছিল । এনেদৰেই এপ্ৰিলৰ প্ৰথম দিনটোত এপ্ৰিল ফুলছ দিৱস উদযাপনৰ পৰম্পৰাটো প্ৰচলিত হৈ পৰে ।
গোটেই পৃথিৱীজুৰি মানুহে এপ্ৰিল ফুলছ ডে’ কেনেকৈ উদযাপন কৰে ? যদিও ইয়াক বিশ্বব্যাপী সকলো দেশতে উদযাপন কৰা হয়, ই কিন্তু অফিচিয়েল বন্ধ নহয় । তদুপৰি, ফ্ৰান্সত, April Fools' Dayত শিশুসকলে তেওঁলোকৰ পিঠিত কাগজৰ মাছ সংলগ্ন কৰি তেওঁলোকৰ বন্ধুবৰ্গৰ সৈতে ধেমালি কৰাৰ প্ৰথা আছে ।
স্কটলেণ্ডত এই উৎসৱ দুদিনলৈকে চলে, দ্বিতীয় দিনটো টেইলি ডে (Taily Day) নামেৰে জনাজাত আৰু পশ্চাদ অংশৰ সৈতে জড়িত এই ধেমালি । এই প্ৰথাৰ ফলতে "kick me" বাক্যসাৰ জন্ম হোৱা বুলি বিশ্বাস কৰা হয় ।
1986 চনৰ পৰা, আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্কে প্ৰতি বছৰে অস্তিত্বহীন এপ্ৰিল ফুলছ ডে’ পেৰেডৰ বাবে মিছা প্ৰেছ বিজ্ঞপ্তি মুকলি কৰি আহিছে । কানাডা আৰু ইংলেণ্ডত, এপ্ৰিল ফুলছ ডে’ত দুপৰীয়াৰ পিচত আৰু ধেমালি কৰিব নোৱাৰাৰ প্ৰথা আছে ।
ভাৰতত এপ্ৰিল ফুলছ ডে’ উদযাপন কেতিয়া আৰম্ভ হৈছিল ? সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, ব্ৰিটিছে উনবিংশ শতিকাত ভাৰতত এপ্ৰিল ফুল উদযাপন আৰম্ভ কৰিছিল । তাৰ পাচত মানুহে আজিও এই দিনটোত আনন্দ কৰে ।
অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ইংলেণ্ড আৰু আফ্ৰিকাৰ দৰে দেশত এপ্ৰিল ফুল ডে’ মাজনিশা ১২ বজালৈকেহে পালন কৰা হয় । কিন্তু কানাডা, আমেৰিকা, ৰাছিয়া আৰু ইউৰোপৰ অন্যান্য দেশত ১ এপ্ৰিলৰ গোটেই দিনটো এপ্ৰিল ফুলছ ডে’ পালন কৰা হয় ।