শেহতীয়াকৈ টেলিভিছন ধাৰাবাহিক ‘অনুপমা’ৰ এটা খণ্ডত যশপালৰ চৰিত্ৰত দেখিবলৈ পোৱা অভিনেতা ঋতুৰাজ সিঙৰ ৫৯ বছৰ বয়সত হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যু হয় ৷ সংবাদ মাধ্যমত এই খবৰ দিলে তেওঁৰ ঘনিষ্ঠ বন্ধু অমিত বাহলে ৷
সংবাদ মাধ্যমৰ এটি সাখ্যাৎকাৰত তেওঁ লগতে কয় যে, তেওঁক পেনক্ৰিয়াচ ৰোগৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল ৷ ইয়াৰ পিছত কিছুদিন পূৰ্বে তেওঁক ডিচচাৰ্জ কৰি ঘৰলৈ যাবলৈ দিয়া হয় ৷ ইয়াৰ পিছতে নিশা প্ৰায় ১২.৩০ বজাত হাৰ্ট এটেকত তেওঁৰ ঘৰত হঠাৎ মৃত্যু হয় ৷ এনে পৰিস্থিতিত পেনক্ৰিয়াচ ৰোগ আৰু হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ বা কাৰ্ডিয়াক এৰেষ্ট হোৱাৰ মাজৰ সম্পৰ্কৰ বিষয়ে বহুতৰে মনত বহু প্ৰশ্নৰ উদয় হৈছে, যাৰ উত্তৰ আপুনি এই প্ৰতিবেদনৰ জৰিয়তে জানিব পাৰিব ৷
কাৰ্ডিয়াক এৰেষ্ট কেনেকৈ হয় ?
হঠাৎ হৃদযন্ত্ৰৰ বিকলতাৰ মাৰাত্মক অৱস্থা হ’ল কাৰ্ডিয়াক এৰেষ্ট ৷ ইয়াত প্ৰথমে ব্যক্তিজনৰ হৃদযন্ত্ৰই শৰীৰলৈ তেজৰ যোগান ধৰাটো বন্ধ কৰি দিয়ে, যাৰ বাবে শৰীৰৰ কাম বন্ধ হৈ পৰে ৷ তাৰ পিছত ইয়াৰ ভিতৰত ভেণ্টিকুলাৰ ফাইব্ৰিলেচন হয় আৰু হৃদস্পন্দন বন্ধ হৈ ব্যক্তিজনৰ মৃত্যু হয় ৷
অগ্নাশয় ৰোগে হঠাৎ হৃদযন্ত্ৰ বিকল কৰিব পাৰেনে ?