আয়ুৰ্বেদৰ মতে আমলখিৰ ৰসত পোৱা সকলো উপাদানে আপোনাৰ স্বাস্থ্যক শক্তিশালী কৰিব পাৰে ৷ যদি আপুনি নিজকে সুস্থ কৰি ৰাখিব বিচাৰে তেন্তে প্ৰতিদিনে আমলখিৰ ৰস খাবলৈ আৰম্ভ কৰক ৷ ডায়েবেটিছ ৰোগীৰ বাবে আমলখিৰ ৰস খুবেই উপকাৰী ৷ সেয়ে আজি পলম নকৰি জানো আহক আমলখিৰ ৰস খোৱাৰ কিছুমান আচৰিত উপকাৰিতা ৷
কেনেকৈ সেৱন কৰিব লাগে ?
বিশেষজ্ঞৰ মতে, মধুমেহ ৰোগৰ দৰে চাইলেন্টে কিলাৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ হালধি আৰু মৌ মিহলি কৰি আমলখিৰ ৰস খাব পাৰি ৷ এইদৰে আমলখিৰ ৰস খালে ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব পাৰি ৷ কেৱল এয়াই নহয়, আমলখিৰ ৰস আপোনাৰ হৃদযন্ত্ৰৰ স্বাস্থ্যৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে, অৰ্থাৎ এই প্ৰাকৃতিক পানীয় নিয়মিতভাৱে সেৱন কৰিলে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা কম কৰিব পাৰি ৷