অসম

assam

ETV Bharat / health

আপোনাৰ স্বাস্থ্যৰ মহৌষধ পাণৰ পাত; নিতৌ পুৱা এই পদ্ধতিৰে খালে পাব সুফল - Betel Leaves - BETEL LEAVES

Betel Leaf Water Benefits : বহু ভাৰতীয়ই পাণ খাই ভালপায় ৷ প্ৰায়ে মানুহে খাদ্য খোৱাৰ পিচত ইয়াৰ সোৱাদ উপভোগ কৰে ৷ সোৱাদত ভাল হোৱাৰ উপৰিও পাণৰ স্বাস্থ্যৰ বাবেও বহু উপকাৰিতা সাধন কৰে, কিন্তু আপুনি জানেনে যে পাণ পানীত উতলাই এই পানী পান কৰাটো স্বাস্থ্যৰ বাবে কিমান উপকাৰিতা সাধন কৰে ৷ জানো আহক ইয়াৰ উপকাৰিতাসমূহ-

Amazing Benefits Of Betel Leaves Nobody Told You
আপোনাৰ স্বাস্থ্যৰ মহৌষধ পাণৰ পাত; নিতৌ পুৱা এই পদ্ধতিৰে খালে পাব সুফল

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 12:21 PM IST

মানুহে প্ৰায়ে খাদ্য খোৱাৰ পিচত পাণ এখন খাবলৈ ভালপায় ৷ কোৱা হয় যে, ই খাদ্য হজম কৰাত সহায় কৰে, কিন্তু আপুনি জানেনে যে পানীত উতলাই পাণ খালে স্বাস্থ্যৰ কিমান উপকাৰিতা সাধন হয় ৷

হয়, পাণৰ পাতৰ পানী চৰ্দি আৰু কাহত অতি উপকাৰী ৷ ইয়াৰ ফলত কফ আৰু পিত্ত দুয়োটা দোষৰ পৰা সকাহ পোৱা যায় ৷ কাহৰ পৰাও ইয়াৰ দ্বাৰা যথেষ্ট সকাহ পোৱা যায় ৷ পাণৰ পাত মিহলোৱা পানীয়ে এনে বহু উপকাৰিতা প্ৰদান কৰে ৷ যাৰ বিষয়ে আমি আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-

পাণ পাতৰ পানী কেনেকৈ প্ৰস্তুত কৰিব

৩-৪ খিলাপাণ ধুই তিনি গিলাচ পানীত ভালদৰে উতলাই ঠাণ্ডা হোৱাৰ পিচত দিনটোত দুবাৰৰ পৰা তিনিবাৰকৈ পান কৰক ৷ ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত হ’ব ৷ ইয়াৰ উপকাৰিতাৰ বিষয়ে জানো আহক-

ডায়েবেটিছ নিয়ন্ত্ৰণ কৰা

পাণ পাতৰ পানীয়ে ডায়েবেটিছ ৰোগীৰ শৰীৰত ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে ৷ গতিকে ডায়েবেটিছ ৰোগীয়ে এই পানী খাব লাগিব ৷

কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে

আজিকালি বহুলোকেই কোষ্ঠকাঠিন্যৰ সমস্যাৰ সৈতে যুঁজি আহিছে ৷ কোষ্ঠকাঠিন্যৰ ক্ষেত্ৰত সিজোৱা পাণৰ পানী খোৱাটো বহু পৰিমাণে উপকাৰী হ’ব পাৰে ৷

কফ আৰু পিত্ত দোষ আঁতৰাই পেলাওক

প্ৰদাহ নিবাৰণ আৰু এন্টি-ফাংগল প্ৰতিৰোধী গুণেৰে সমৃদ্ধ সিজোৱা পাণৰ পানীয়ে কাহ আৰু পিত্তৰ দোষ দূৰ কৰাত সহায় কৰে ৷ ইয়াৰ ফলত ডিঙিৰ ফুলা কমাই বুকুত জমা হোৱা কফ আঁতৰোৱাত সহায় কৰে ৷

হজম শক্তি উন্নত কৰা

যদি আপুনি বমি, ডায়েৰিয়াৰ সমস্যাত ভুগিছে, তেন্তে সিজোৱা পাণৰ পানী এই ক্ষেত্ৰতো উপকাৰী হ’ব ৷ এই পানীয়ে আমাৰ পাচন শক্তিক সুষম কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ পাচন শক্তি সুস্থ হৈ থাকে ৷

মুখৰ দুৰ্গন্ধ দূৰ কৰে

পাণৰ পৰা প্ৰস্তুত কৰা পানীয়ে মুখৰ দুৰ্গন্ধ দূৰ কৰাত সহায় কৰে ৷ ইয়াৰ লগতে ই দাঁতৰ পৰা বেক্টেৰিয়া আঁতৰাই ইয়াক পৰিষ্কাৰ কৰি ৰখাতো সহায় কৰে ৷

সতৰ্কীকৰণ:প্ৰিয় পাঠক, আমাৰ প্ৰতিবেদন পঢ়াৰ বাবে ধন্যবাদ । এই খবৰটো কেৱল আপোনালোকক সজাগ কৰাৰ উদ্দেশ্যে লিখা হৈছে । আমি এই প্ৰতিবেদনত ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈছো । কিন্তু প্ৰিয় পাঠক, যদি আপুনি যিকোনো বাতৰিতে স্বাস্থ্যৰ সৈতে জড়িত কিবা পঢ়ে, তেন্তে এই পদ্ধতি গ্ৰহণ কৰাৰ আগতে নিশ্চিতভাৱে চিকিৎসকৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব ।

লগতে পঢ়ক:গাঁঠিৰ বিষত ভুগিছে নেকি ? তেন্তে চজিনাই কৰিব সহায়

ABOUT THE AUTHOR

...view details