অসম

assam

ETV Bharat / health

চুলিৰ সকলো সমস্যাৰ সমাধান দিব আমলখিয়ে: জানি লওক ব্যৱহাৰৰ পদ্ধতি - Amla For Hair

Gooseberry Benefits For Hair: আপোনাৰ চুলিৰ সৈতে জড়িত সমস্যা আছে নেকি ? উফি, চুলি সৰা, চুলি ফটা ইত্যাদি যিকোনো সমস্যাৰ একমাত্ৰ সমাধান হৈছে আমলখি । আজি জানো আহক চুলিৰ বাবে আমলখিয়ে কেনেধৰণৰ উপকাৰিতা সাধন কৰে ৷

Gooseberry Benefits For Hair
আমলখিৰ উপকাৰিতা (CANVA)

By ETV Bharat Health Team

Published : Aug 21, 2024, 2:59 PM IST

আমি সকলোৱে জানো যে আমলখি খালে কেৱল আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হোৱাই নহয় চুলিৰ স্বাস্থ্যও উন্নত হয় ৷ আয়ুৰ্বেদৰ মতে, আমলখিয়ে চুলি সৰা সমস্যা পলকতে নোহোৱা কৰে৷ আমলখিয়ে চুলি সৰা কমোৱাৰ লগতে আৰু চুলি ধূসৰ হোৱা আৰু উফি ৰোধ কৰে ৷ ইয়াৰ উপৰিও ই চুলিৰ বাবে প্ৰাকৃতিক কণ্ডিচনাৰ হিচাপে কাম কৰে আৰু চুলিক মসৃণ আৰু কোমল কৰি তোলে ৷ 2017 চনৰ নেচনেল ইনষ্টিটিউট অৱ হেল্থৰ প্ৰতিবেদন অনুসৰি আমলখি কেৱল আমাৰ শৰীৰ উন্নতি সাধন কৰাই নহয় বৰঞ্চ আমাৰ চুলিৰ টনিক হিচাপে কাম কৰে ৷ সেয়ে আমলখি বাবে কোনো বৰদানতকৈ কম নহয় ৷ আপুনি মই ভাবিব নোৱাৰা গুণ লুকাই আছে আমলখিত ৷

আমলখিৰ ৰস

আমলখি সৰু সৰুকৈ কাটি তাৰ পৰা ইয়াৰ ৰস চেপি উলিয়াই লওক ৷ ইয়াৰ পিচত ইয়াক চেকি লৈ ইয়াত অলপ পানী দি চুলিৰ গুৰিত লগাওক ৷ দৈনিক এই কাম কৰিলে চুলিৰ গুৰিবোৰ শক্তিশালী হৈ পৰে আৰু চুলিবোৰ দ্ৰুতগতিত দীঘল হয়৷

আমলখিৰ তেল

চুলিৰ গুণাগুণ বৃদ্ধিৰ বাবে আমলখি তেল ব্যৱহাৰ কৰাটো অতীজৰে পৰা চলি আহিছে৷ ভিটামিন চি, এমিনো এচিড আৰু ফাইটোনিউট্ৰিয়েণ্টৰ লগতে পুষ্টিকৰ উপাদানে চুলিক শক্তিশালী কৰে ৷ আন চিকিৎসাৰ প্ৰয়োজন নোহোৱাকৈ চুলিৰ বাবে নিখুঁতভাৱে কাম কৰে ৷ দৈনিক ইয়াক লগালে আপুনি কোমল, শক্তিশালী আৰু চিকচিকিয়া চুলিৰ গৰাকী হ’ব পাৰে ৷

আমলখি-মণিছাল-শিকাকাই (শ্বেম্পু)

আমলখিত অধিক পুষ্টিকৰ উপাদান থকাৰ উপৰিও মণিছাল আৰু শিকাকাই মিহলোৱা শ্বেম্পু ব্যৱহাৰ কৰাটো আমাৰ চুলিৰ বাবে অতিকৈ উপকাৰী ৷ লগতে এই মিশ্ৰণে আপোনাৰ চুলিৰ সৈতে জড়িত সকলো সমস্যা নিৰাময় কৰে ৷ আমলখিয়ে আপোনাৰ চুলিত ভিটামিন চি, কেলচিয়াম, আইৰণ, ফছফৰাছ, ভিটামিন বি, প্ৰ’টিন, ফাইবাৰ আৰু কেৰাটিনৰ যোগান ধৰে ৷ ইয়াৰ উপৰিও আমলখি-মণিছাল-শিকাকাইৰ মিশ্ৰণৰ শ্বেম্পু হিচাপে ব্যৱহাৰ কৰিলে চুলি পৰিষ্কাৰ হোৱাৰ লগতে মজবুত হয় ৷ প্ৰাচীন পদ্ধতি অনুসৰি ই চুলি সৰা, উফি হোৱাত বাধা দিয়ে আৰু চুলিক চিকচিকিয়া কৰি তোলে ৷ মণিছাল, শিকাকাই, আমলখিক কিছু সময়ৰ বাবে ৰাতি উতলাই মিহিকৈ পিচি লওক ৷ ইয়াৰ পিছত ইয়াৰ ৰস উলিয়াই চুলিত লগাওক ৷ এনে কৰাটো আপোননাৰ চুলিৰ বাবে খুবেই লাভদায়ক ৷

আমলখি-নেমু ফেচ মাস্ক

নষ্ট হোৱা চুলিকো পুনৰ সুন্দৰ আৰু চিকচিকিয়া কৰি তোলাৰ গুণ আছে নেমুটেঙাত ৷ চুলি পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত ই যথেষ্ট সহায় কৰে ৷ নেমু আৰু আমলখিত ভিটামিন Cৰ পৰিমাণ বেছি হোৱাৰ বাবে চুলি সৰাৰ সমস্যা দূৰ হয় ৷ চুলিৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে আমলখি আৰু নেমু একেলগে ব্যৱহাৰ কৰাটো লাভদায়ক ৷ ইয়াৰ উপৰিও ই উফি প্ৰতিৰোধ কৰাত সহায় কৰে, ইয়াৰ প্ৰদাহ নিবাৰণ আৰু বেক্টেৰিয়া প্ৰতিৰোধী গুণ আছে ৷ ইয়াৰ উপৰিও চুলিৰ গুৰিত খজুৱতি ৰোধ কৰিবলৈ বা চুলি সৰা ৰোধ কৰিবলৈ আপুনি ইয়াক একেলগে এক মিশ্ৰণ তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰে ৷

আমলখি-দৈ

আমলখিৰ সৈতে দৈৰ মিশ্ৰণে চুলিৰ বৃদ্ধিত সহায় কৰে ৷ দৈয়ে ফটা, নষ্ট হোৱা চুলি মেৰামতি কৰে আৰু চুলিৰ শুকান হোৱা সমস্যা দূৰ কৰে৷ আমলখিৰ ৰস দৈৰ লগত মিহলাই চুলিত লগালে এই সুবিধাসমূহ আপুনি লাভ কৰিব পাৰে ৷

লগতে পঢ়ক:এইসমূহ লোকৰ বাবে অমৃতৰ সমান আমলখি - Gooseberry Benefits

ABOUT THE AUTHOR

...view details