শেহতীয়াকৈ টিউনিছিয়াৰ বিখ্যাত Beauty Influencer ফাৰা এল কাডিৰ ৩৬ বছৰ বয়সতহাৰ্ট এটাকত আক্ৰান্ত হৈ মৃত্যু ঘটে ৷ তেওঁৰ হঠাৎ মৃত্যুৱে তেওঁৰ অনুৰাগী আৰু ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলক গভীৰভাৱে স্তম্ভিত কৰি তুলিছে ৷
টাইমছ অৱ মাল্টাৰ এক প্ৰতিবেদন অনুসৰি জাহাজত সময় কটোৱাৰ অৱস্থাত ফাৰাহৰ হাৰ্ট এটাক হয় আৰু লগে লগে তেওঁক মাল্টাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ৷
ইনফ্লুয়েনঞ্চাৰগৰাকীৰ ইনষ্টাগ্ৰাম প্ৰফাইলৰ মতে, সৌন্দৰ্য আৰু জীৱনশৈলীৰ সৈতে জড়িত কন্টেন্ট তৈয়াৰ কৰাৰ উপৰিও তেওঁ আছিল এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ আৰ্কিটেক্টো আছিল ৷ ফাৰাহৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই যদিও হাৰ্ট এটাকৰ কাৰণে তেওঁৰ মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে ৷ ৩৬ বছৰ বয়সত মহিলাৰ হাৰ্ট এটাক নিশ্চয় অস্বাভাৱিক, কিন্তু এয়া হোৱা অসম্ভৱ নহয় ৷
চিকিৎসকে কয় যে, বৰ্তমানৰ ব্যস্ত জীৱনশৈলী আৰু মানসিক চাপৰ বাবে যুৱক-যুৱতীসকলৰ মাজতো হাৰ্ট এটাকৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পাইছে ৷ এনে পৰিস্থিতিত মহিলাসকলেও ৩০ বছৰ বয়স অতিক্ৰম কৰাৰ পিচত নিয়মিতভাৱে স্বাস্থ্য পৰীক্ষা কৰোৱাটো উচিত, বিশেষকৈ হৃদযন্ত্ৰ সম্পৰ্কীয় পৰীক্ষা কৰোৱাটো অতিকৈ প্ৰয়োজনীয় ৷ জানো আহক ৩০ বছৰ বয়স অতিক্ৰম কৰাৰ পিচত মহিলাসকলে কোনবোৰ স্বাস্থ্য পৰীক্ষা কৰোৱা উচিত-
লগতে পঢ়ক:ফিট তথা সুস্থ হৈ থকাৰ পিছতো কিয় যুৱক-যুৱতীসকলৰ মাজত বৃদ্ধি পাইছে হাৰ্ট এটেকৰ ঘটনা ? কাৰণ জানি লওক
মহিলাৰ বাবে গুৰুত্বপূৰ্ণ পৰীক্ষা
এই পৰীক্ষাত তেজত কলেষ্টেৰল আৰু ট্ৰাইগ্লিচাৰাইডৰ মাত্ৰা জুখিব পাৰি ৷ উচ্চ কলেষ্টেৰল হৃদৰোগৰ বাবে এক প্ৰধান বিপদজনক কাৰক ৷