আজি অৰ্থাৎ ১৪ মাৰ্চত প্ৰতি বছৰে সমগ্ৰ বিশ্বতে ‘বিশ্ব বৃক্ক দিৱস’ পালন কৰা হয় ৷ এই দিৱস উদযাপনৰ মূল উদ্দেশ্য হৈছে বৃক্ক সম্পৰ্কীয় সমস্যাৰ বিষয়ে মানুহক সজাগ কৰা ৷ বৃক্ক শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ, আপুনি জানেনে যে ইয়াৰ মূল কাম হ’ল তেজ পৰিষ্কাৰ কৰি শৰীৰত জমা হোৱা মলি বাহিৰ কৰা ৷ এই বিশেষ দিনটোত আমি আপোনালোকক ক’বলৈ ওলাইছো হায়দৰাবাদৰ বাঞ্জাৰা হিল্চত অৱস্থিত এছিয়ান ইনষ্টিটিউট অৱ নেফ্ৰ’লজি এণ্ড ইউৰ’লজী (AINU) হাস্পতালৰ এনে ‘মেডিকেল কেইচ’ৰ বিষয়ে, যি সমগ্ৰ দেশতে প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে ৷
বৃক্কৰ পৰা এটা বা দুটা নহয় বাহিৰ কৰা হ’ল সৰ্বমুঠ ৪১৮টা পাথৰ
এই চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল এজন ৬০ বছৰীয়া ৰোগীক ৷ তেওঁৰ কিডনী সম্পৰ্কীয় সমস্যা আছিল ৷ সকলো ধৰণৰ মেডিকেল চেকআপ কৰাৰ পিচত দেখা গ’ল যে তেওঁৰ কিডনীত এটা বা দুটা নহয় মুঠ ৪১৮টা পাথৰ আছে ৷ ইয়াৰ পিছত চিকিৎসক ডাঃ কে পূৰ্ণচন্দ্ৰ ৰেড্ডী, ডাঃ গোপাল, ডাঃ দীনেশৰ দলটোৱে ৰোগীগৰাকীৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয় ।
অপাৰেচন সফল হৈ ৪১৮টা পাথৰ বৃক্কৰ পৰা আঁতৰাই পেলোৱা হয় ৷ আটাইতকৈ আশ্চৰ্যজনক কথাটো হ’ল যেতিয়া ৰোগীজনক ভৰ্তি কৰা হৈছিল তেতিয়া বৃক্কটোৱে মাত্ৰ ২৭ শতাংশহে কাম কৰিছিল ৷ কিন্তু কোৱা নহয় “ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে!”
কিডনীত পাথৰ সমস্যাৰ কাৰণ কি ?