চিটাৰা ডেস্ক, 17 মাৰ্চ: 'বিগ বছ অ'টিটি ২' বিজয়ী তথা ইউটিউবাৰ এলভিছ যাদৱক গ্ৰেপ্তাৰ কৰিছে নয়ডা আৰক্ষীয়ে ৷ দেওবাৰে আৰক্ষীয়ে তেওঁক সোধা-পোছাৰ বাবে ফোন কৰিছিল ৷ জনাই দিও যে সাপৰ বিষ সৰবৰাহৰ গোচৰত আৰক্ষীয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৷ বিগত বৰ্ষত নয়ডা আৰক্ষীয়ে ছেক্টৰ-৪৯ত এফআইআৰ দাখিল কৰিছিল ৷
নয়ডা আৰক্ষীৰ দলে তেওঁক আদালতত হাজিৰ কৰিবলৈ সুৰজপুৰত উপস্থিত হৈছে ৷ এতিয়া কোতৱালি ছেক্টৰ-২০ আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ নয়ডা আৰক্ষীৰ উপ আয়ুক্ত মনীষ কুমাৰ মিশ্ৰই কয় যে, আৰক্ষীয়ে এলভিছ যাদৱক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ৷ তেওঁক আদালতত হাজিৰ কৰা হৈছে ৷
চৰ্চাৰ শীৰ্ষত এলভিছ যাদৱ
শেহতীয়াকৈ এলভিছ যাদৱে সাগৰ ঠাকুৰ ওৰফে মেক্সটাৰ্ণক আক্ৰমণ কৰাৰ অভিযোগত বাতৰিৰ শিৰোনাম দখল কৰিছিল ৷ তেওঁৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত তেওঁক মেক্সটাৰ্ণক প্ৰহাৰ কৰা দেখা গৈছিল ৷ এই বিষয়ত গুৰুগ্ৰামৰ ছেক্টৰ-৫৩ থানাতো এলভিছৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয় ৷ মেক্সটাৰ্নে এলভিছৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল, য’ত তেওঁক হত্যাৰ ভাবুকি দিয়াও আছিল ৷
দুয়োজনে বিবাদৰ সমাধান কৰিলে
বিতৰ্কৰ কিছুদিন পিছতে এলভিছ যাদৱে ইউটিউবাৰ মেক্সটাৰ্নৰ (Maxtern) সৈতে এখন ফটো শ্বেয়াৰ কৰিছিল, য’ত দুয়োৰে মাজত ভাতৃত্ববোধ দেখা গৈছিল ৷ ফটোখনৰ কেপচনত এলভিছে লিখিছে – ওপৰত ভাতৃত্ববোধ ৷ ফটোখন চাই স্পষ্ট হৈ পৰে যে শত্ৰুতা বন্ধুত্বলৈ ৰূপান্তৰিত হৈছে ৷ এই বহু চৰ্চিত যুঁজৰ মাজতে এতিয়া এলভিছ আৰু মেক্সটাৰ্নৰ মিউজিক ভিডিঅ’টো ওলাই পৰিছে ৷