অসম

assam

ETV Bharat / entertainment

হঠাৎ কিয় সংগীত জগতৰ পৰা নোহোৱা হৈ গৈছিল হানি সিং ? - Yo Yo Honey Singh Birthday Special

Yo Yo Honey Singh Birthday Special: আজি য়ো য়ো হানি সিঙৰ জন্মদিন ৷ তেওঁৰ জন্মদিনত তেওঁৰ সৈতে জড়িত কিছু নজনা কথা জানো আহক ৷

Yo Yo Honey Singh Birthday Special, know unknown facts of honey singh
হানি সিঙৰ জন্মদিন

By ETV Bharat Assamese Team

Published : Mar 15, 2024, 8:48 PM IST

চিটাৰা ডেস্ক, ১৫ মাৰ্চ: ‘লব ডো’জ’, ‘অংগ্ৰেজী বিট তে’, ‘লুংগী ডান্স’, এই গীতবোৰ পুৰণি হ’লেও, আজিও আমি প্ৰায়ে পাৰ্টিত শুনিবলৈ পাওঁ । এই গীতসমূহৰ জৰিয়তে দেশৰ আটাইতকৈ জনপ্ৰিয় ৰেপাৰ হিচাপে পৰিগণিত হৈছিল য়ো য়ো হানি সিং ৷ তেওঁৰ গীত সৰুৰ পৰা ডাঙৰলৈ সকলোৱে শুনিছিল ৷ এটা সময় এনেকুৱাও আছিল যেতিয়া হানি সিঙৰ ৰেপবোৰ সকলোৰে মুখে মুখে আছিল । হানি সিঙে ৰেপ আৰু হিপ-হপক এক বেলেগ স্তৰলৈ লৈ গৈছিল । দেশৰ প্ৰতিটো শিশুৱে যো যো হানি সিঙৰ গীত গুণগুণাবলৈ ধৰিছিল ৷ কিন্তু এটা সময় এনেকুৱা আহিল যেতিয়া বলীউডৰ উদ্যোগটোক ৰেপৰ জগতৰ সৈতে চিনাকি কৰাই দিয়া হানি সিং হঠাতে উদ্যোগটোৰ পৰা নোহোৱা হৈ গ’ল । এই প্ৰতিবেদনত জানো আহক হানি সিঙৰ বিষয়ে কিছু নজনা কথা ৷

সৰুৰে পৰাই গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল

১৯৮৩ চনৰ ১৫ জানুৱাৰীত পঞ্জাৱৰ হোচিয়াৰপুৰৰ এটা শিখ পৰিয়ালত জন্মগ্ৰহণ কৰিছিল হৃদেশ সিঙে ৷ ইয়াৰ পিচত ৰেপাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ সময়ত য়ো য়ো হানি সিং হৈ পৰে হৃদেশ সিং আৰু এই নামটো গীতৰ লগতে মানুহৰ মুখে মুখে প্ৰচলিত হৈ পৰে ৷ কোৱা হয় যে হানি সিং সদায় গান গোৱাৰ প্ৰতি আকৰ্ষিত আছিল । ইয়াৰ বাবেই তেওঁ লেণ্ডামৰ ট্ৰিনিটি কলেজৰ পৰা সংগীতৰ শিক্ষা গ্ৰহণ কৰি পৰিয়ালসহ ভাৰতলৈ উভতি আহে । ইয়াৰ পিচত তেওঁ ক্ৰমান্বয়ে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সংগ্ৰাম আৰম্ভ কৰে ।

২০১৪ চনত লৈছিল বিৰতি

হানি সিঙৰ কেৰিয়াৰ বহুত ভালকৈ চলি আছিল যদিও ২০১৪ চনত হঠাতে তেওঁ উদ্যোগটোৰ পৰা নোহোৱা হৈ যায় । তেওঁৰ বিষয়ে বহু ধৰণৰ খবৰ ওলাবলৈ ধৰে । বহু প্ৰতিবেদনত কোৱা হৈছিল যে, সুৰা আসক্ত হৈ পৰাত ইয়াৰ পৰা মুক্তি পাবলৈ ৰিহাব চেণ্টাৰত চিকিৎসা কৰি আছে । প্ৰায় ১৮ মাহ সকলো উৰাবাতৰিৰ অন্তত অৱশেষত সংবাদ মাধ্যমৰ সন্মুখত আহি উপস্থিত হয় হানি সিং ।

আটাইতকৈ বেয়া ১৮ মাহ

ৰেপাৰগৰাকীয়ে এক সাক্ষাৎকাৰত কয় যে এই ১৮ মাহ তেওঁৰ জীৱনৰ আটাইতকৈ বেয়া সময় আছিল । তেওঁ প্ৰকাশ কৰিছিল যে তেওঁ নয়ডাৰ নিজৰ ঘৰত আছিল আৰু বাইপোলাৰ ডিছঅৰ্ডাৰৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত আছিল । এই সময়ছোৱাত তেওঁৰ লগত বহুত অদ্ভূত ঘটনা ঘটিছিল । এসময়ত য’ত তেওঁ হাজাৰ হাজাৰ মানুহৰ সন্মুখত থিয় হৈছিল, তাত তেওঁ চাৰিজন মানুহৰ সন্মুখত থিয় হ’বলৈ ভয় অনুভৱ কৰিবলৈ আৰম্ভ কৰিছিল । ৰেপাৰগৰাকীয়ে কয় যে তেওঁৰ অৱস্থা ইমানেই বেয়া হৈ গৈছিল যে তেওঁ মৃত্যুৰ কথা ভাবিবলৈ আৰম্ভ কৰিছিল যদিও অৱশেষত ঔষধে তেওঁৰ প্ৰতি সঁহাৰি দিবলৈ আৰম্ভ কৰিছিল আৰু তেওঁ সুস্থ হ’বলৈ আৰম্ভ কৰিছিল ।

এতিয়া আকৌ ৰেপৰ জগতত উভতি আহিছে হানি সিং ৷ শেহতীয়াকৈ তেওঁৰ কেইবাটাও পুৰণি গীতৰ ৰিমেক সৃষ্টি কৰিছে ৷ এতিয়া ইটোৰ পিচত সিটোকৈ গীত মুকলি পাইছে হানি সিঙৰ ৷

লগতে পঢ়ক:নেপোটিজমৰ টেগ থকাও স্বত্বেও বাকী সকলোতকৈ কিয় বিশেষ আলিয়া ? জানক কেনেকৈ সকলোতকৈ পৃথক আলিয়া

ABOUT THE AUTHOR

...view details