অসম

assam

ETV Bharat / entertainment

অসমীয়া ছবি: মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল বছৰটো, দি গ'ল সুখৰ অনুভৱ - YEARENDER 2024

2024ত বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল কেবাখনো অসমীয়া ছবি-তথ্যচিত্ৰ ৷ আৰ্জিলে বঁটা-সুনাম ৷

Assamese films that went global in the year
অসমীয়া ছবি: মুঠিৰ পৰা বালি সৰকা দি সৰি গ'ল বছৰটো, দি গ'ল সুখৰ অনুভৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : 6 hours ago

গুৱাহাটী: হাতৰ মুঠিৰ পৰা বালি সৰকা দি সৰকি যাবলৈ ওলোৱা 2024 বছৰটোত বহুকেইখন অসমীয়া ছবিয়ে সুনাম আৰ্জিলে ৷ বিভিন্ন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হ'ল কেবাখনো অসমীয়া ছবি ৷ সুখৰ অনুভৱ কঢ়িয়াই অনা তেনে কেইখনমান উল্লেখযোগ্য অসমীয়া ছবিৰ বিষয়ে আকৌ এবাৰ জানো আহক ৷

'ফেঁহুজালি'লৈ শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান

২০২৪ বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত হোৱা জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত উজলি উঠিছিল 'ফেঁহুজালি'। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং প্ৰযোজিত আৰু ডি আই জি পাৰ্থসাৰথি মহন্ত পৰিচালিত তথ্যচিত্ৰ ‘ফেঁহুজালি’এ লাভ কৰিবলৈ সক্ষম হয় ২০২৪ বৰ্ষৰ জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ চুটি তথ্যচিত্ৰৰ সন্মান । আলফাত যোগদান কৰা ক্ষোভিত আৰু বঞ্চিত যুৱকসকলৰ মনত উদ্ধৱ হোৱা স্বাধীন অসমৰ ধাৰণা আলফাৰ যে অলীক কল্পনা তাকেই দেখুওৱা হৈছে তথ্যচিত্ৰখনত ৷

চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত 'চেলেঞ্জ'লৈ জুৰীৰ বিশেষ সন্মান

চলিত বৰ্ষৰ ২৩ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা পঞ্চম চিত্ৰভাৰতী চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্ৰ জুৰীৰ বিশেষ সন্মান লাভ কৰিবলৈ সক্ষম হয় অসমীয়া তথ্যচিত্ৰ 'চেলেঞ্জ'এ । কামৰূপা ক্ৰিয়েচনছৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই । পৰিচালনা আছিল ৰমেন বৰা আৰু শিৱাণু বৰাৰ । বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছিল তথ্যচিত্ৰখন ।

নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত 'বৰুৱাৰ সংসাৰ'

ঐতিহ্যমণ্ডিত এখন ঘৰ, আদৰ্শৱান এটা পৰিয়ালক লৈ নিৰ্মাণ কৰা এখন অসমীয়া তথ্যচিত্ৰ "বৰুৱাৰ সংসাৰ"। ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰা এই তথ্যচিত্ৰখন চলিত বৰ্ষৰ ৩০ মে'ৰ পৰা ২ জুনলৈ অনুষ্ঠিত হোৱা নিউয়ৰ্ক ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন কৰা হয় । গুৱাহাটীৰ লতাশিল খেলপথাৰৰ সমীপত থকা ১৯২৩ চনত নিৰ্মিত এটা ১০০ বছৰ পুৰণি ঘৰ । অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ সাক্ষী এই ঘৰটোৰ পৰাই অসমৰ সামাজিক-সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে "বৰুৱা ব্ৰাদাৰ্ছ"এ । সেইফালেৰে পাৰ হৈ যোৱা প্ৰায় প্ৰত্যেকৰে দৃষ্টি আকৰ্ষণ কৰা ঘৰটো হৈছে দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱাৰ । এই ৯ গৰাকী ব্যক্তিয়ে অসমৰ শিক্ষা, সংস্কৃতি, সাহিত্য, খেল তথা ৰাজনীতিৰ দিশৰ সৈতে জড়িত হৈ অসমৰ ৰাইজক যথেষ্টখিনি দিছে । এই আদৰ্শবান পৰিয়ালটো আৰু ঐতিহ্যমণ্ডিত ঘৰটোকে লৈ ৭১ মিনিট দৈৰ্ঘৰ এই তথ্যচিত্ৰখন নিৰ্মাণ কৰা হৈছে ।

ৰুছ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'

২০২৩ বর্ষৰ বিশ্বৰ সৰ্বোচ্চ চলচ্চিত্ৰ সন্মান অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰা অসমীয়া ছবি 'মোৰ ঘোঁৰাৰ দূৰন্ত গতি'এ চলিত বৰ্ষত অনুষ্ঠিত হোৱা ৰুছৰ গ'ল্ডেন ৰেভেন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবি হিচাপে জুৰীৰ সন্মান লাভ কৰিবলৈ সক্ষম হয় । ওজাপালিৰ এজন পালিৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হৈছে ছবিখন ।

যিজনে নিজৰ ঘোঁৰাটোক পৃথিৱীৰ সবাতোকৈ বেগী ঘোঁৰা বুলি ভাবি ঘোঁৰা দৌৰ প্ৰতিযোগিতাত দৌৰাবলৈ তাক চহৰলৈ লৈ গৈ থাকে । পিছে তেওঁৰ ঘোঁৰাটো আচলতে ঘোঁৰা নহয়, এটা গাধহে । ছবিখনত অসমৰ থলুৱা কৃষ্টি ওজাপালিৰ দৃশ্যও উপস্থাপন কৰা হৈছে । ছবিখন ইতিমধ্যে কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, জয়পুৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ, হিমালয়ান চলচ্চিত্ৰ মহোৎসৱকে ধৰি আন কেইবাখনো চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে ।

মেক্সিকোত থকা চিনেটেকা ৰাষ্ট্ৰীয় সংগ্ৰহালয়ত এই ছবিখনৰ এক বিশেষ দৰ্শনী অনুষ্ঠিত হৈছিল । ২০২২ চনত বেংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় প্ৰতিযোগিতাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰাৰ লগে লগে ই অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অর্জন কৰিছিল । মহৰ্ষি তুহিন কাশ্যপৰ ছবিখনেই হৈছে প্ৰথম অসমীয়া চুটি ছবি যিয়ে অস্কাৰত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ লাভ কৰিছিল ।

কাঁ চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল 'কুকি'

এই বৰ্ষৰ কাঁ চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ল উত্তৰ-পূৰ্বাঞ্চলৰ পটভূমিত নিৰ্মিত এখন হিন্দী ছবি "কুকি"। নিৰি মিডিয়া অপিচি প্ৰাইভেট লিমিটেডৰ বেনাৰত নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা ড৹ জোনমণি দেৱী খাউণ্ডৰ ৷ পৰিচালনা কৰিছে প্ৰণৱ জে ডেকাই ।

মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ মনোনীত অসমীয়া তথ্যচিত্ৰ 'চিবুক'

লুইতত দহদিনীয়া সাহসী যাত্ৰাক লৈ নিৰ্মাণ কৰা তথ্যচিত্ৰ "চিবুক" প্ৰদৰ্শিত হ'ল দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি তথা বৃহৎ চলচ্চিত্ৰ মহোৎসৱ মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত । তথ্যচিত্ৰখনৰ পৰিকল্পনা ৰিচান দলে, শ্বেখৰ বৰদলৈ, নীলিম মহন্ত আৰু আশুতোষ কাশ্যপৰ । এ এম টেলিভিছনৰ বেনাৰত নিৰ্মাণ কৰা এই তথ্যখন প্ৰযোজনা কৰিছে ড৹ সঞ্জীৱ নাৰায়ণ আৰু ড৹ অক্ষতা নাৰায়ণে । উল্লেখযোগ্য যে "চিবুক" হৈছে বাঁহেৰে নিৰ্মিত এনে এখন ভুৰ যিখনত উঠি কিছু বছৰ পূৰ্বে অসমৰ চাৰিজন সাহসী যুৱকৰ এটা দলে দহদিনীয়া পৰিক্ৰমাৰে গোগামুখৰ পৰা তেজপুৰলৈ লুইতৰ বুকুত এটা যাত্ৰা কৰিছিল । বিভিন্ন সংগ্ৰামৰ মাজেৰে ১০ টা দিনৰ অন্তত উপনীত হৈছিল তেওঁলোক নিজৰ গন্তব্যস্থানত ।

'পিঞ্জৰা'ৰ সফলতা

চলিত বৰ্ষত অনুষ্ঠিত হোৱা হোৱা Roshani International Film Festival 2024" ত অসমীয়া ছবি "পিঞ্জৰা"ৰ বিশেষ সফলতা । ঔৰংগাবাদত অনুষ্ঠিত হোৱা এই চলচ্চিত্ৰ মহোৎসৱত পাঁচটাকৈ শিতানত পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয় ছবিখনে ।

জে আৰ এম প্ৰডাক্সনৰ ৰ বেনাৰত নিৰ্মাণ কৰা এই ছবিখনৰ প্ৰযোজনা আৰু কাহিনী ৰুণা লাইলাৰ । ছবিখন পৰিচালনা কৰিছে অসীম হাজৰিকাই আৰু চিত্ৰনাট্য দিগন্ত বৰাৰ ।

ছবিখনে লাভ কৰা ৫ টা শিতানৰ বঁটাৰ ভিতৰত শ্ৰেষ্ঠ শিশু শিল্পীৰ বঁটা পাৰ্নিকা চৌধুৰীয়ে , শ্ৰেষ্ঠ নায়িকাৰ সন্মান কিনকিনী ভট্টাচাৰ্যই , শ্ৰেষ্ঠ গীতিকাৰৰ বঁটা ৰুণা লাইলাই , শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটা হৰ্ষিতা ভট্টাচাৰ্য্যই , শ্ৰেষ্ঠ ছবি পৰিচালকৰ বঁটা অসীম হাজৰিকাই লাভ কৰে ।

চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত প্ৰদৰ্শিত হ'ল অসমীয়া ছবি 'জীৱনছবি'

চলিত বৰ্ষত মুম্বাইত অনুষ্ঠিত হোৱা চিনে ড্ৰীম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ ২০২৪ ত প্ৰদৰ্শিত হল অসমীয়া ছবি "জীৱনছবি"। লগতে শেহতীয়াকৈ অনুষ্ঠিত হোৱা নৱম ব্ৰহ্মপুত্ৰ ভেলী চলচ্চিত্ৰ মহোৎসৱতো ছবিখন প্ৰদৰ্শন কৰা হৈছিল । "জীৱনছবি"ৰ কাহিনী, সংলাপ তথা পৰিচালনাৰ মৃদুপৱন বৰাৰ ।

চুটিছবি 'আওকান'লৈ বিশেষ সন্মান

কলকাতাত অনুষ্ঠিত হোৱা পঞ্চম বেহেলা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমাৰোহত শ্ৰেষ্ঠ চুটি ছবিৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল চুটি ছবি "আওকান"এ । এই চুটি ছবিখনৰ কাহিনী আৰু পৰিচালনা জিতু পৰ্ণ দাসৰ ।

ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত তিনিখন অসমীয়া ছবি

শেহতীয়া ৫৫ সংখ্যক আন্তঃৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত ভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত হয় তিনিখনকৈ অসমীয়া ছবি । ভাৰতীয় পেনোৰামাই বাচনি কৰা ২০ খন ছবিৰ ভিতৰত অন্তৰ্ভুক্ত হৈছিল যদুমণি দত্ত পৰিচালিত "জুইফুল" আৰু ড৹ ববী শৰ্মা বৰুৱা পৰিচালিত "ৰ'দৰ পাখি"। আনহাতে মূলসুতিৰ ছবি হিচাপে পেনোৰামাই বাচনি কৰা আন ৫ খন ভাৰতীয় ভাষাৰ ছবিৰ ভিতৰত অন্তৰ্ভুক্ত আছিল ৰাজেশ ভূঞা পৰিচালিত "স্বৰ্গৰথ"।

বুছান ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেলত 'ভিলেজ ৰকষ্টাৰ ২'লৈ শ্ৰেষ্ঠ ছবিৰ সন্মান

চলিত বৰ্ষত দক্ষিণ কোৰিয়াৰ বুছান চহৰত অনুষ্ঠিত হোৱা ২৯ সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ শিতানত বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হ'ল ৰীমা দাসৰ ছবি 'ভিলেজ ৰকষ্টাৰ ২'এ । ভাৰতীয় ফিচাৰ ফিল্ম হিচাপে ২৯ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনে লাভ কৰে কিম জিচিঅ'ক বঁটা ।

চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত 'তাৰিখ'

ভাৰতৰ অন্যতম চলচ্চিত্ৰ মহোৎসৱ ২২ সংখ্যক চেন্নাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (CIFF) ২০২৪-ৰ নিৰ্বাচিত হৈছিল অসমীয়া ছবি "তাৰিখ"। এইবর্ষৰ চেন্নাই চলচ্চিত্ৰ মহোৎসৱৰ বাবে নিৰ্বাচিত "তাৰিখ" হৈছে উত্তৰ-পূব ভাৰতৰ একমাত্ৰ ছবি । অৰুন্ধতী শর্মা বৰুৱা আৰু ড৹ মুক্তিস্মান হাজৰিকাৰ দ্বাৰা প্ৰযোজিত 'তাৰিখ'ৰ পৰিচালক হৈছে হিমজ্যোতি তালুকদাৰ ।

'কাকা'লৈ গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত তিনিটাকৈ বঁটা

সপ্তম সংখ্যক গ্লোবেল ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলত তিনিটাকৈ শ্ৰেষ্ঠত্বৰ বঁটা লাভ কৰিবলৈ সক্ষম হয় ৰমেন বৰ্মনৰ কাহিনী, চিত্ৰনাট্য আৰু পৰিচালনাৰে নিৰ্মাণ কৰা ছবি "কাকা"ই । ছবিখনে শ্ৰেষ্ঠ চিত্ৰনাট্য, শ্ৰেষ্ঠ অভিনেতা আৰু জুৰীৰ দ্বাৰা নিৰ্বাচিত বিশেষ ছবি হিচাবেও বঁটা লাভ কৰে ।

লগতে পঢ়ক:বছৰটোৰ শেষত দুখনকৈ অসমীয়া ছবিৰ শ্বুটিং আৰম্ভ

ABOUT THE AUTHOR

...view details