চিটাৰা ডেস্ক, ২৩ ফেব্ৰুৱাৰী:আজি ছবিগৃহত মুক্তি লাভ কৰিছে য়ামী গৌতম অভিনীত ছবি 'Article 370' । 'আৰ্টিকেল ৩৭০' এখন ৰাজনৈতিক নাট্য ছবি । কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ সময়ত চৰকাৰে কিমান সংগ্ৰামৰ সন্মুখীন হ’বলগীয়া হৈছিল তাৰ ওপৰত ভিত্তি কৰি এই ছবিখন নিৰ্মাণ কৰা হৈছে । এই ছবিখনত য়ামীয়ে চোৰাংচোৱা বিষয়াৰ চৰিত্ৰত অভিনয় কৰিছে ।
ছবিখনৰ ট্ৰেইলাৰে দৰ্শকৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ছবিখনৰ মুক্তিৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছিল অনুৰাগীয়ে ৷ শেহতীয়াকৈ য়ামী গৌতমৰ ‘আৰ্টিকেল ৩৭০’ক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
‘আৰ্টিকেল ৩৭০’ ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ প্ৰধানমন্ত্ৰী মোদীৰ
জম্মুৰ মৌলানা আজাদ ষ্টেডিয়ামত এক সমাৱেশৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য়ামী গৌতমৰ ছবি আৰ্টিকেল ৩৭০ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । তেওঁ কয়, ‘‘মই শুনিছো যে এই সপ্তাহত আৰ্টিকেল ৩৭০ নাম এখন ছবি মুকলি হ’ব, জম্মুবাসীৰ জয় জয় প্ৰতিধ্বনি সমগ্ৰ দেশতে শুনা যাব । কেনেকুৱা ছবি নাজানো কিন্তু কালি টিভিত শুনিলোঁ যে আৰ্টিকেল ৩৭০ এনেকুৱা এখন ছবি আহি আছে । ভাল কথা যে মানুহে শুদ্ধ তথ্য লাভ কৰিবলৈ উপযোগী হ’ব ।’’ অৱশ্যে এই বক্তব্য ছবিখন মুক্তি পোৱাৰ আগতেই দিছিল মোদীয়ে ৷