চিটাৰা ডেস্ক, ১ মাৰ্চ:এই বছৰটো বলীউডৰ চেলিব্ৰিটিসকলৰ বাবে অতি বিশেষ হ’ব । ইখনৰ পিচত সিখন ছবি মুক্তি পোৱাৰ সময়তে, আনফালে ইগৰাকীৰ পিচত সিগৰাকী তাৰকাই দিছে ভাল খবৰ ৷ বহুতৰে ঘৰত এইবাৰ আহিব সুখৰ বতৰা ৷ বছৰৰ আৰম্ভণিতে অনুষ্কা শৰ্মাৰ ঘৰলৈ আহিছে নতুন আলহী ৷ দ্বিতীয় সন্তান জন্ম দিছে অভিনেত্ৰীগৰাকীয়ে । এতিয়া অনাগত দিনত আৰু বহু চেলিব্ৰিটিৰ ঘৰলৈ আহিব সুখবৰ । এই তালিকাত দীপিকা পাডুকন আৰু ৰণবীৰ সিং, নতাশা দলাল আৰু বৰুণ ধাৱনৰ লগতে আন বহু চেলিব্ৰিটিৰ নাম সন্নিবিষ্ট হৈছে ।
দীপিকা পাডুকন আৰু ৰণবীৰ সিং: বহুদিনৰ জল্পনা-কল্পনাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে এই দম্পতীয়ে দিলে সুখবৰ ৷ দুয়োগৰাকীয়ে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যে ছেপ্টেম্বৰ মাহত প্ৰথম সন্তানক আদৰিবলৈ সাজু হৈছে ।
বৰুণ ধাৱন আৰু নতাশা দলাল: ২০২১ চনৰ ১৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হোৱা বৰুণ আৰু নাতাশাই ছ’চিয়েল মিডিয়াত হৃদয়স্পৰ্শী ছবিৰে ঘোষণা কৰিছিল যে তেওঁলোকে প্ৰথম সন্তানৰ পিতৃ-মাতৃ হ’বলৈ গৈ আছে । হ’বলগীয়া পিতৃগৰাকীয়ে ব্লেক এণ্ড ৱাইট ফটো শ্বেয়াৰ কৰি কেপচনত লিখিছে , “আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু মৰমৰ প্ৰয়োজন ।”