চিটাৰা ডেস্ক, ৯ মাৰ্চ:৮ মাৰ্চত গোটেই বিশ্বজুৰি উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ এই ক্ষেত্ৰত পিচপৰি থকা নাই বিশ্বৰ আটাইতকৈ ডাঙৰ ফিল্ম চিটি ৰামোজী ফিল্ম চিটি ৷ ৰামোজী ফিল্ম চিটিত অতি ধুমধামেৰে উদযাপন কৰা হয় আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস ৷ ‘ইনস্পাইৰ ইনক্লুজন’ শীৰ্ষক বিষয়বস্তুৰে ফিল্মচিটিত পালন কৰা হয় এই দিৱস, য’ত ৰামোজীৰ বিভিন্ন বিভাগৰ মহিলা কৰ্মচাৰীয়ে উৎসাহেৰে অংশগ্ৰহণ কৰে ।
এই কাৰ্যসূচীৰ মুখ্য অতিথি আছিল মহিলা আৰু শিশু কল্যাণৰ ৰাজ্যিক মন্ত্ৰী সীতাক্কা । এই উপলক্ষে মন্ত্ৰীগৰাকীয়ে ৰামোজী ফিল্ম চিটিৰ পৰিচালন সঞ্চালক চি এইচ বিজয়েশ্বৰী, উষোদয়া এণ্টাৰপ্ৰাইজৰ সঞ্চালক চাহাৰী আৰু ফিল্মচিটিৰ পৰিচালক কীৰ্তি সোহানাৰ সৈতে কেক কাটি উদযাপন কৰে ।
মন্ত্ৰী সীতাক্কাই ভাষণ প্ৰসংগত কয় যে যিখন সমাজে নাৰীক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰে সেয়া সঠিক নহয় । তেওঁ লগতে কয় যে আৰম্ভণিৰে পৰা এনেকুৱা নাছিল, পৰিস্থিতি ক্ৰমান্বয়ে মাতৃতন্ত্ৰৰ পৰা পিতৃতান্ত্রিক সমাজলৈ সলনি হৈছিল । এই নাৰী দিৱসত মন্ত্ৰী সীতাক্কাই মহিলাসকল অৰ্থনৈতিকভাৱে সবল হৈ সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰত উচ্চ পদবীত উপনীত হোৱাটো কামনা কৰে ।
সীতাক্কাই লগতে ক’লে যে তেওঁ সম্মাক্কা আৰু সৰক্কা জাতিৰ সন্তান । নাৰী অবিহনে এই সমাজত কোনো সৃষ্টি সম্ভৱ নহয় । কিন্তু পুৰুষৰ মতাদৰ্শ সলনি হোৱাৰ প্ৰয়োজন । কোৱা হয় যে য’ত নাৰীক পূজা কৰা হয় তাতেই দেৱতা বাস কৰে । তেওঁ কয় যে সমস্যাৰ পৰা পলাই নোযোৱাকৈয়ে সমস্যাৰ সন্মুখীন হ’ব লাগে । তেতিয়াহে আমি জয়ী হম । আমি যিদৰে আছো তেনেদৰেই ইতিহাসত থিয় দিম ।