চিটাৰা ডেস্ক, ৬ মাৰ্চ: আজি জাহ্নৱী কাপুৰৰ ২৭ সংখ্যক জন্মদিন । এই উপলক্ষে অভিনেত্ৰীগৰাকীৰ অনুৰাগীক এক ডাঙৰ উপহাৰ দিছে ‘দেৱৰা’ৰ নিৰ্মাতাই ৷ জাহ্নৱীৰ প্ৰথম তেলুগু ছবি ‘দেৱৰা’ৰ পৰা অভিনেত্ৰীগৰাকীৰ ফাৰ্ষ্ট লুক প্ৰকাশ পাইছে । এই ছবিখনত জাহ্নৱী কাপুৰে জুনিয়ৰ এন টি আৰৰ সৈতে পৰ্দা শ্বেয়াৰ কৰা দেখা যাব । ছবিখনত ছাইফ আলী খানেও গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনক লৈ অনুৰাগীৰ মাজতো দেখা গৈছে উচাহ ৷
'দেৱৰা'ৰ পৰা জাহ্নৱী কাপুৰৰ ফাৰ্ষ্ট লুক
জাহ্নৱী কাপুৰৰ জন্মদিনত 'দেৱৰা'ৰ নিৰ্মাতাই তেওঁলোকৰ এক্স হেণ্ডেলত অভিনেত্ৰীগৰাকীৰ এখন পোষ্টাৰ মুকলি কৰিছে । পোষ্টাৰখনত জাহ্নৱী কাপুৰে শাৰী আৰু পৰম্পৰাগত চ’কাৰ আৰু ঝুমকা পৰিধান কৰা দেখা গৈছে । পোষ্টাৰখন শ্বেয়াৰ কৰি দেৱৰাৰ দলটোৱে কেপচনত লিখিছে, "আমাৰ মৰমৰ থাংগম, জাহ্নৱী কাপুৰলৈ জন্মদিনৰ শুভেচ্ছা থাকিল ! দেৱৰা ।" জুনিয়ৰ এন টি আৰৰ বহু অনুৰাগীয়েও জাহ্নৱীক জন্মদিনৰ শুভেচ্ছা জনাইছে ।
কেতিয়া মুক্তি পাব 'দেৱৰা' ?