চিটাৰা ডেস্ক, ১৬ ফেব্ৰুৱাৰী: ৮০ আৰু ৯০ দশকত মাত্ৰ দুটা চেনেল আছিল, তাৰ ভিতৰত এটা আছিল দূৰদৰ্শন আৰু আনটো আছিল ডি ডি মেট্ৰ’ । এই দুটা চেনেলত কেইখনমান নিৰ্বাচিত ধাৰাবাহিক সম্প্ৰচাৰিত হৈছিল আৰু সেই সময়ৰ দৰ্শকে খুব ভাল পাইছিল এইবোৰ । তেতিয়া পোন প্ৰথমে মুকেশ খান্নাই ভাৰতত ছুপাৰ হিৰোৰ পৰিচয় দিছিল আৰু সেই ছুপাৰ হিৰোৰ নাম আছিল ‘শক্তিমান’ । এই শ্ব’টো কেৱল দূৰদৰ্শনত টেলিকাষ্ট হৈছিল আৰু শিশুসকলে প্ৰতি দেওবাৰে এই শ্ব’টো উপভোগ কৰিছিল । ৯০ ৰ দশকৰ ল’ৰা-ছোৱালীৰ বাবে ‘শক্তিমান’ কেৱল এটা নাম নহয়, আৱেগ বুলি গণ্য কৰা হৈছিল যদিও হঠাতে বন্ধ হৈ গৈছিল শ্ব’টো ৷
৯০ দশকত শিশুৰ মাজত ‘শক্তিমান’ অতি জনপ্ৰিয় হৈ পৰিছিল যদিও হঠাতে বন্ধ হোৱাৰ খবৰ আহিছিল, কিন্তু মানুহে বুজি পোৱা নাছিল যে হঠাৎ এনেকুৱা কিয় হৈছিল । এই শ্ব’টো ছুপাৰহিট আছিল আৰু ইয়াৰ টি আৰ পিও যথেষ্ট ভাল আছিল, এনে ক্ষেত্ৰত নিৰ্মাতাই চলি থকা শ্ব’টো কিয় বন্ধ কৰি দিছিল ?
কিয় হঠাতে বন্ধ হৈ গৈছিল ‘শক্তিমান’ ?
৯০ ৰ দশকৰ ছুপাৰহিট শ্ব’ শক্তিমান চলি থকাৰ সময়তে হঠাতে বন্ধ হৈ গৈছিল । এই শ্ব’টো যথেষ্ট জনপ্ৰিয় হোৱাৰ বাবে মানুহে বুজি নাপালে যে কিয় এনেকুৱা হৈছিল । বহু বছৰৰ পাচত এতিয়া মুকেশ খান্নাই প্ৰকাশ কৰিলে ইয়াৰ আঁৰৰ কাৰণ ৷ আচলতে মুকেশ খান্নাই কৰ’নাৰ সময়ত নিজৰ ইউটিউব চেনেলত ইয়াৰ কাৰণ বুজাই কৈছিল । তেওঁ কৈছিল, ‘‘শক্তিমান আৰম্ভ হোৱাৰ সময়ত দূৰদৰ্শনত টেলিকাষ্ট কৰাৰ বাবে দূৰদৰ্শনৰ মালিকক তিনি লাখ টকা দিছিল । কিন্তু শ্ব’টোৱে প্ৰাইম টাইম পোৱা নাছিল, মঙলবাৰে নিশাৰ স্লট আৰু শনিবাৰৰ দিনৰ স্লট পাইছিল ।