অসম

assam

By ETV Bharat Assamese Team

Published : Mar 22, 2024, 3:51 PM IST

ETV Bharat / entertainment

কিয় আজিৰ দিনটোতেই পালন কৰা হয় বিশ্ব মূকাভিনয় দিৱস ? - World Mime Day

World Mime Day 2024: আজি বিশ্ব মূকাভিনয় দিৱস ৷ মূকাভিনয়ৰ অৰ্থ হৈছে মুখৰে শব্দ উচ্চাৰণ নকৰাকৈ বা সংলাপ নোকোৱাকৈ মনৰ ভাব প্ৰকাশ কৰা। নাট্যশিল্পৰ এক বিশেষ দিশ হৈছে এই মূকাভিনয় । কিন্তু আপুনি জানেনে এই দিৱসটি কিয় পালন কৰা হয় ?

who-was-marcel-marceau-and-why-we-celebrate-world-mime-day
কিয় আজিৰ দিনটোতেই পালন কৰা হয় বিশ্ব মূকাভিনয় দিৱস ?

কিয় আজিৰ দিনটোতেই পালন কৰা হয় বিশ্ব মূকাভিনয় দিৱস ?

গুৱাহাটী,২২ মাৰ্চ:কথা বার্তা বা কোনো শব্দৰ উচ্চাৰণ অবিহনে কৰা এক বিশেষ অভিনয় হৈছে মূকাভিনয় ৷ মুখেৰে একো নোকোৱাকৈ বাকহীনভাৱে কেৱল অংগীভংগীৰেই এক দৃশ্যপট দর্শকে বুজি পোৱাকৈ উপস্থাপন কৰা কলাবিধেই মূকাভিনয় ৷ মূকাভিনয় কলাৰ কিছুমান আভ্যন্তৰীণ সূত্ৰ আছে । এই সূত্ৰ সমুহৰ সহায়ত এজন মূকাভিনেতাই তেওঁৰ অভিনয়ৰ পূৰ্ণ বিকাশ কৰিব পাৰে আৰু দৰ্শক সকলেও বিষয়বস্তু সম্পূৰ্ণভাৱে হৃদয়ংগম কৰিব পাৰে ।

ইতিহাস

আজি বিশ্ব মূকাভিনয় দিৱস ৷ আজিৰ দিনটোত ফ্রান্সৰ বিখ্যাত মূকাভিনেতা মাৰ্চেল মাৰ্চেউৰ(Marcel Marceau) জন্ম হৈছিল ৷ তেখেতক মূকাভিনয়ৰ পিতৃ আখ্যা দিয়া হয় ৷ সেয়ে এই শিল্পীগৰাকীৰ জন্মদিনটোতেই তেওঁক সুঁৱৰি সমগ্ৰ বিশ্বত "বিশ্ব মূকাভিনয় দিৱস” পালন কৰা হয় ৷

ফ্রান্সৰ বিখ্যাত মূকাভিনেতা মাৰ্চেল মাৰ্চেউ

ইফালে, বিশ্ব মূকাভিনয় দিৱস উপলক্ষে প্ৰতিবছৰে যুৱ মূকাভিনেতা মিনাংক ডেকাৰ নেতৃত্বত নিৰ্বাকে বিশ্ব মূকাভিনয় দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ ৰাজপথ, বাছ আস্থান, ফুটপাথ, বজাৰৰ লগতে বাছৰ ভিতৰতো মূকাভিনয়ৰে বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ৷ কিন্তু এইবাৰ কলকাতাত অনুষ্ঠান থকাৰ বাবে আজিৰ দিনটোত গুৱাহাটীত বিশেষ কাৰ্যসূচী গ্ৰহণৰ পৰা বিৰত থাকিবলগীয়া হয় বুলি যুৱ মূকাভিনেতা মিনাংক ডেকাই জানিবলৈ দিয়ে ৷

যুৱ মূকাভিনেতা মিনাংক ডেকা

তেওঁ কয় , মূকাভিনয়ৰ প্ৰচাৰ আৰু প্ৰসাৰ বৃদ্ধিৰ বাবে মূকাভিনয় দিৱস পালন কৰা হয় ৷ ভাৰতবৰ্ষৰ দিল্লী, কলকাতা, মহাৰাষ্ট্ৰ, গুৱাহাটী আদিকে ধৰি বিভিন্ন স্থানত আজিৰ দিনটোত ভিন্ন কাৰ্যসূচীৰে এই দিৱসটো পালন কৰা হয় ৷ মূকাভিনয়ক যাতে জনসাধাৰণৰ মাজলৈ লৈ গৈ মূকাভিনয়ৰ প্ৰতি আকৃষ্ট কৰিব পৰা যায় তাৰ প্ৰয়াস কৰা হয় বুলি মূকাভিনেতা মিনাংক ডেকাই মন্তব্য কৰে ৷

লগতে পঢ়ক:ভৌগোলিক স্বীকৃতি লাভৰ দিশে মাজুলীৰ মুখাশিল্প

ABOUT THE AUTHOR

...view details