ETV Bharat / state

জাতীয় সংগঠনক ধন দিব নোৱাৰি প্ৰতিবাদত নামিল ব্যৱসায়ী সন্থা - ALLEGATION AGAINST VEER LACHIT SENA

নাহৰকটীয়াত জাতীয় সংগঠনৰ বলপূৰ্বক ধন দাবী । ধন আদায় দিব নোৱাৰি প্ৰতিবাদত বহিল ব্যৱসায়ী ৷

Traders protest in Naharkatia
বীৰ লাচিত সেনাৰ বিৰুদ্ধে ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 10:27 PM IST

মৰাণ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোনো দল-সংগঠনে ব্যৱসায়িক প্ৰতিষ্ঠানত ধন দাবী কৰিব নোৱাৰিব বুলি সতৰ্ক কৰি দিয়াৰ পিচতো মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশক কেৰেপ নকৰে ৰাজ্যৰ একাংশ দল-সংগঠনে । একাংশ জাতীয় সংগঠনে এতিয়া ব্যৱসায়ীৰ পৰা দাবী ধমকিৰে ধন সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপিত হৈছে । ফলত জাতীয় সংগঠনক ধন দিব নোৱাৰি প্ৰতিবাদত নামিল ব্যৱসায়ী সন্থা ।

ধন দাবীৰ প্ৰতিবাদত বন্ধ ৰাখিলে ব্যৱসায়িক প্ৰতিষ্ঠান

নাহৰকটীয়াত বীৰ লাচিত সেনাৰ বলপূৰ্বক ধন দাবীৰ পাছতে দেওবাৰে বন্ধ হৈ পৰিল সকলো ব্যৱসায়িক প্ৰতিষ্ঠান । দোকান-পোহাৰ বন্ধ ৰাখি ৰাজপথত সমদল কৰি লাচিত সেনাৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনালে ব্যৱসায়ীয়ে । ব্যৱসায়ীসকলে অভিযোগ উত্থাপন কৰি কয় যে বিগত এমাহ ধৰি বীৰ লাচিত সেনাৰ নাহৰকটীয়া আঞ্চলিক সমিতিয়ে দুলীয়াজানত এক অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবেই সৰু-বৰ প্ৰতিষ্ঠান তথা ব্যৱসায়ী মহলক বলপূৰ্বকভাৱে ব্যাপক হাৰত ধন দাবী কৰাৰ লগতে ভয়-ভাবুকি প্ৰদান কৰি আহিছে । যাৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ীসকলে নাহৰকটীয়াত ব্যৱসায় চলাই নিয়াত সমস্যাত পৰিছে ।

বীৰ লাচিত সেনাৰ বিৰুদ্ধে ব্যৱসায়ী সন্থাৰ প্ৰতিবাদ (ETV Bharat Assam)

ব্যৱসায়ীক ভয়-ভাবুকিৰ অভিযোগ

উল্লেখ্য় যে বীৰ লাচিত সেনা অসমে অহা ২৪ নৱেম্বৰত ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত আৰু দুলীয়াজান আঞ্চলিক সমিতিৰ আতিথ্যত তথা সমূহ দুলীয়াজানবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত কৰিবলৈ লৈছে কেন্দ্ৰীয় লাচিত দিৱস । ইয়াৰ পাছতে লাচিত দিৱসৰ নামত নাহৰকটীয়াত লাচিত সেনাৰ একাংশই ব্যৱসায়ীক ভয়-ভাবুকি প্ৰদান কৰি অহাৰ অভিযোগ উঠিছে । আনকি ব্যৱসায়ী সকলক ৫ ৰ পৰা ৫০ হাজাৰ টকা পৰ্যন্ত ধন দাবী কৰাৰ উপৰিও এই ধন আদায় দিব নোৱাৰিলে লাচিত সেনাৰ ল'ৰাক ব্যৱসায় চমজাই দিবলৈও ভাবুকি প্ৰদান কৰে ।

এই কাৰ্যত অতিষ্ঠ হৈ দেওবাৰে সমগ্ৰ নাহৰকটীয়াত ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ ৰাখি লাচিত সেনাৰ এই অত্যাচাৰৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহে । নাহৰকটীয়াৰ ধৰমশালাত নাহৰকটীয়া ব্যৱসায়ীসকলে বৈঠকত মিলিত হৈ এতিয়াৰে পৰা নাহৰকটীয়াৰ বাহিৰত যিকোনো অনুষ্ঠান পাতিলে নাহৰকটীয়াৰ ব্যৱসায়ীসকলে বৰঙণি নিদিয়াৰ সিদ্ধান্তও গ্ৰহণ কৰে ।

ব্যৱসায়ীসকলে নাহৰকটীয়া নগৰৰ মাজেদি সমদল উলিয়াই নাহৰকটীয়া আৰক্ষী থানাত উপস্থিত হৈ বীৰ লাচিত সেনাৰ অত্যাচাৰ ভয়-ভাবুকি সন্দৰ্ভত বিহিত ব্যবস্থা গ্ৰহণ কৰিবলৈ স্থানীয় আৰক্ষীৰ যোগেদি আয়ুক্ত, আৰক্ষী অধীক্ষক, উপ-আৰক্ষী অধীক্ষক, নাহৰকটীয়াৰ চক্ৰ বিষয়ালৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ভুৱা পৰীক্ষাৰ্থী কৰায়ত্ব কৰাৰ পিচতে বীৰ লাচিত সেনাৰ কৰ্মীক গ্ৰেপ্তাৰ

মুকলি হ’ল বীৰ লাচিত সেনাৰ আটকাধীন সদস্য

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.