ETV Bharat / state

অপহৃত মেইটেই শিশুসহ মহিলাক হত্যাৰ প্ৰতিবাদত উত্তাল শিলচৰ - MANIPUR JIRIBAM VIOLENCE PROTEST

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ বিৰুদ্ধে শিলচৰত প্ৰতিবাদ । কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰৰ দাবী ।

Protest in Silchar
হত্যাৰ প্ৰতিবাদত উত্তাল শিলচৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 9:50 PM IST

শিলচৰ: জিৰিবামৰ অপহৃত মেইটেই শিশু-মহিলাৰ হত্যাৰ প্ৰতিবাদত শিলচৰত শ শ মেইটেই লোকৰ বিক্ষোভ প্ৰদৰ্শন । শীঘ্ৰেই হত্যাকাৰী কুকি উগ্ৰপন্থীক গ্ৰেপ্তাৰ নকৰিলে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷

যোৱা সোমবাৰে মণিপুৰৰ জিৰিবাম জিলাৰ জাকুৰাডহৰৰ পৰা ৬ মেইটেই শিশু আৰু মহিলাক অপহৰণ কৰিছিল কুকি উগ্ৰপন্থীয়ে । ইতিমধ্যে অপহৃত ৬ গৰাকীৰ মাজত পাঁচগৰাকীৰ মৃতদেহ উদ্ধাৰ হৈছে । মৃতদেহ কেইটা বৰ্তমান শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ মৰ্গত ৰখা হৈছে । এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ মণিপুৰত পুনৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ সৃষ্টি হৈছে ।

হত্যাৰ প্ৰতিবাদত উত্তাল শিলচৰ (ETV Bharat Assam)

বিধায়কৰ বাসগৃহত আক্ৰমণ

কুকি উগ্ৰপন্থীয়ে অপহৰণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি মণিপুৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছে মেইটেই লোকসকলে । বিধায়কসকলৰ বাসগৃহত আক্ৰমণ, গীৰ্জাত অগ্নিসংযোগৰ লগতে বিভিন্ন হিংসাত্মক ঘটনা সংঘটিত কৰিছে মেইটেইয়ে । ইতিমধ্যে ৰাজ্যখনত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেইবাখনো জিলাত সান্ধ্য় আইন জাৰি কৰাৰ লগতে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা ।

শিলচৰত প্ৰতিবাদী কাৰ্যসূচী মেইটেই দল-সংগঠনৰ

ইপিনে,দেওবাৰে সন্ধিয়া মণিপুৰৰ জিৰিবামৰ অপহৃত মেইটেই শিশু-মহিলাৰ হত্যাৰ প্ৰতিবাদত শিলচৰত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কাছাৰ জিলাৰ কেইবাটাও মেইটেই দল-সংগঠনে । শিলচৰৰ ক্ষুদিৰাম বসুৰ মূৰ্তিৰ সম্মুখত শ শ মেইটেইএকত্ৰিত হৈ পাঁচ শিশু-মহিলাৰ হত্যাৰ তীব্ৰ প্ৰতিবাদ জনায় । প্ৰথমে মমবাতি জ্বলাই মৃতকৰ আত্মাৰ শান্তিৰ কামনা কৰে আৰু ইয়াৰ পাছত বিভিন্ন শ্লোগান দি উত্তাল কৰে চহৰখন ।

প্ৰতিবাদকাৰীসকলে শীঘ্ৰেই কেন্দ্ৰ তথা মণিপুৰ চৰকাৰে এই পাঁচ মেইটেই শিশু আৰু মহিলাৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰে । হত্যাকাৰীক গ্ৰেপ্তাৰ নকৰিলে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা মৃতদেহকেইটা তেওঁলোকে গ্ৰহণ নকৰে বুলি সকীয়াই দিয়ে ।

লগতে পঢ়ক:উত্তপ্ত মণিপুৰ; কেবাটাও স্থানত হিংসাত্মক ঘটনা...বন্ধ কৰি দিয়া হৈছে ইন্টাৰনেট সেৱা

উত্তপ্ত পৰিস্থিতিৰ মাজতেই ১০ কুকি যুবকৰ মৃতদেহ নিলে মণিপুৰলৈ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.