ETV Bharat / state

পাৰ্থসাৰথি মহন্তক আই আই টিৰ সন্মানীয় ফেল' নিযুক্তি - PARTHA SARATHI MAHANTA

ড৹ পাৰ্থসাৰথি মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূর্ণ প্রকল্প ‘‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অৱ ছায়েন্স এণ্ড আছামীজ কালচাৰ’’ৰ প্ৰতি সক্রিয় অৰিহণা আগবঢ়াব ।

Indian Institute of Technology
মহাপৰিদৰ্শক ড৹পাৰ্থসাৰথি মহন্ত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 17, 2024, 10:44 PM IST

গুৱাহাটী : অসম আৰক্ষীৰ স্পেচিয়েল টাস্ক ফ'ৰ্ছ চমুকৈ এছ টি এফৰ মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰি অহা মহাপৰিদৰ্শক ড৹ পাৰ্থসাৰথি মহন্তক আই আই টিৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমে সন্মানীয় ফেল’ হিচাপে নিযুক্তি দিছে । তথা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া, সাংস্কৃতিক কৰ্মী, লেখক, কবি, সাহিত্যিক, অভিনেতা, পৰিচালকগৰাকীক ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ আই আই টিৰ চেণ্টাৰ ফৰ ইণ্ডিয়ান নলেজ ছিষ্টেমে সন্মানীয় ফেল’ হিচাপে নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছে ।

ড৹ পাৰ্থসাৰথি মহন্তই এই প্রতিষ্ঠানৰ মৰ্যাদাপূর্ণ প্রকল্প ‘‘পণ্ডিত হেমচন্দ্র গোস্বামী মিছন ফৰ পপুলাৰাইজেচন অৱ ছায়েন্স এণ্ড আছামীজ কালচাৰ’’ৰ প্ৰতি সক্রিয় অৰিহণা আগবঢ়াব । অসমীয়া সংস্কৃতি আৰু শিক্ষা জগতৰ পুৰোধা পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ নামত নামকৰণ কৰা এই মিছনে অসমৰ বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক আৰু গণিতবিজ্ঞান) শিক্ষাক আঁকোৱালি লোৱাত উদগনি যোগাব । সমান্তৰালভাৱে এই মিছনে ছাত্র-ছাত্রীসকলক অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্যৰ প্ৰতি অনুৰাগী কৰি তুলিব ।

পাৰ্থসাৰথি মহন্তৰ নেতৃত্ব আৰু পৰিকল্পনাত এই প্ৰকল্পৰ অধীনত STEM ৰ বিষয় সন্দর্ভত উদ্ভাৱনী চিন্তা, উৎসুকতা বৃদ্ধি, অসমীয়া ঐতিহ্যক সংৰক্ষণ আৰু উদযাপনৰ বাবে সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, শৈক্ষিক প্রতিষ্ঠানৰ সহযোগত বিজ্ঞান শিক্ষা আৰু সাংস্কৃতিক বুজাবুজিৰ মাজত সাকো গঢ়াৰ আদি বিষয়ৰ কৰ্মশালা, আলোচনাচক্র আদি অনুষ্ঠিত কৰিব ।

আমেৰিকাৰ প্রতিষ্ঠিত চিকিৎসক, পণ্ডিত হেমচন্দ্র গোস্বামীৰ নাতি তথা পণ্ডিত হেমচন্দ্র গোস্বামী ফাউণ্ডেচনৰ অধ্যক্ষ ডাঃ নৱ গোস্বামীয়ে এই প্রকল্প আৰম্ভ কৰিছে । ৰাজহুৱা জীৱনত উল্লেখনীয় সেৱা আৰু সমাজৰ উন্নয়নত আগবঢ়োৱা অৰিহনাৰ বাবে পাৰ্থসাৰথি মহন্তক এই প্ৰকল্পৰ এক গুৰুত্বপূৰ্ণ দায়িত্ব প্রদান কৰা হৈছে । এই প্রকল্পত মহন্তৰ অংশীদাৰিত্বই বিজ্ঞান আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত ব্যুৎপত্তি থকা শিক্ষার্থীসকলক অধিক আগ্রহী কৰিব বুলি আশা কৰা হৈছে ।

উল্লেখ্য যে পাৰ্থসাৰথি মহন্তই আৰক্ষীত বিভিন্ন পদক লাভ কৰাৰ সমান্তৰালভাৱে বিগত সময়ত চলচ্চিত্ৰ পৰিচালনাৰ বাবে কেইবাটাও সন্মানীয় ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক:স্বীকৃতিৰ প্ৰমাণপত্ৰ ড৹ পাৰ্থ সাৰথি মহন্ত-আইমী বৰুৱালৈ

পাৰ্থসাৰথি মহন্তক অসম আৰক্ষীৰ মহাপৰিদৰ্শক হিচাপে পদোন্নতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.