ETV Bharat / entertainment

পঁইতাচোৰাও‎ কেতিয়াবা চিনেমা এখনৰ মূল বিষয়বস্তু হ’ব পাৰেনে ?

অশান্তিদায়ক কীট ‘পঁইতাচোৰা‎’ক লৈ নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি । ছবিখনৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্য ৰাজা চৰণ সিঙৰ ।

etv bharat exclusive interview with director raja charan singh regarding his short film Poitasura
চুটি ছবি ‘পঁইতাচোৰা‎’ (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : 3 hours ago

গুৱাহাটী: পঁইতাচোৰাক কোনে চিনি নাপায়... ৷ কি যে এটা আমনি লগা পতংগ ! মানুহৰ ঘৰে-দুৱাৰে থাকি উৰি আহি ভয় খুওৱাৰ লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতাও খৰ্ব কৰে ই । এই অশান্তিদায়ক কীটবিধক লৈয়ে নিৰ্মাণ কৰা হৈছে এখন চুটি ছবি । ছবিখন নিৰ্মাণ কৰিছে ৰাজা চৰণ সিঙে । তেওঁৰ পৰিচালনা, কাহিনী আৰু চিত্ৰনাট্যৰে নিৰ্মিত চুটি ছবিখনে ইতিমধ্যে ‘International Star Film Festival Award’ ৰ লগতে ‘Videotape Short Film Festival’ ত মনোনয়ন লাভ কৰিবলৈ সক্ষম হৈছে ।

চুটি ছবিখনৰ কাহিনীৰ আধাৰ কি ?

পৰিচালক ৰাজা চৰণ সিঙে ক'লে, “‘পঁইতাচোৰা‎ আচলতে পৃথিৱীৰ এনে এটা জীৱ যিটো পৃথিৱীৰ আটাইতকৈ পুৰণি জীৱ । ‘পঁইতাচোৰা‎’ক মানুহে সদায় বেয়া দৃষ্টিৰে চায় । ডাষ্টবিন বা বেয়া বস্তু এটাৰ ভিতৰত সদায়ে থাকে ‘পঁইতাচোৰা‎’টো । ছবিখনত ‘পঁইতাচোৰা‎’টোক কেৱল এটা উদাহৰণ হিচাপে উপস্থাপন কৰা হৈছে যে, ‘পঁইতাচোৰা‎’ বুলি এটা প্ৰজাতি আছে যিটো প্ৰজাতিক ঘিণ কৰে মানুহে বা সিহঁত আছে যদিও সিহঁতৰ একো কামো নাই । তেনেধৰণে ছবিখনৰ কাহিনীটো নিৰ্মাণ কৰা হৈছে ।”

তেওঁ লগতে আৰু কয়, “এতিয়া বহুধৰণৰ ৱেব পৰ্টেল আদি ওলাইছে যাৰ বাবে বহু বেছি সাংবাদিকো ওলাইছে । কিন্তু আমাৰ ৰাজ্যখনৰ পৰিসীমা ইমান বেছি ডাঙৰ নহয়, বহু কম পৰিসীমাৰ ভিতৰতে ঘটনাবোৰ সংঘটিত হৈ থাকে । গতিকে সিমান বাতৰি নাই যিমান নিউজ চেনেল আছে, যাৰ বাবে কেতিয়াবা অকণমান ষ্ট’ৰী এটাও ডাঙৰ কৰি দেখুওৱা হয় । তাৰ কাৰণে কিছুমান ভাবিব নোৱৰাকৈ অনিষ্টও হৈছে । তেনেকুৱা এটা ঘটনাক লৈয়ে ছবিখন নিৰ্মাণ কৰা হৈছে । ছবিখনৰ কাহিনীটো হ’ল- মূলতঃ এটা সৰু বাতৰি কৰিবলৈ গৈ থাকোতে নিউজটো বাঢ়ি বাঢ়ি গৈ থাকে । শেষৰ পৰ্যায়ত ডাঙৰ কিবা এটাহে ওলাইগৈ ।”

উল্লেখ্য যে, জেজ শিৱম এণ্টাৰটেইনমেণ্ট আৰু নেটৱৰ্কৰ বেনাৰত নিৰ্মিত চুটি ছবিখন প্ৰযোজনা কৰিছে ৰিতুৱে । দৃশ্যগ্ৰহণ কৰিছে টিকেন দাসে আৰু সংগীত কৰিছে ৰিপুঞ্জয় ভূঞাই । চুটি ছবিখনত দুগৰাকী অভিনেতা-অভিনেত্ৰীক দেখিবলৈ পোৱা যাব, এগৰাকী হৈছে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সৈতে জড়িত মনালিছা দাস আৰু আনগৰাকী প্ৰশান্ত দাস ।

লগতে পঢ়ক : জাতিৰ বাবে স্মৰণীয় এটা দিন: সংগীতসূৰ্যক সুৱঁৰি সত্ৰীয়া সংস্কৃতি দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.