ETV Bharat / entertainment

মিউজিক ফেষ্টিভেলত চপলা গাভৰু হ'বলৈ সাজু মাজুলী - MAJULI MUSIC FESTIVAL

মাজুলীবাসীৰ এতিয়া ব্যস্ততাৰ অন্ত নাই ৷ সত্ৰই-মঞ্চই ৰাস প্ৰদৰ্শনৰ সমান্তৰালকৈ এতিয়াৰে পৰা মাজুলী মিউজিক ফেষ্টিভেলৰো প্ৰস্তুতি আৰম্ভ হ’ল ৷

majuli music festival Organizer hold a press meet regarding the festival
মাজুলী মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি (ETV Bharat Assam)
author img

By ETV Bharat Entertainment Team

Published : Nov 15, 2024, 7:47 PM IST

মাজুলী: শীতকালছোৱালৈ যেন মাজুলীবাসীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থাকে ! কেৱল মাজুলীবাসীয়েই নে ! মাজুলীৰ কলা-সংস্কৃতিৰ প্ৰতি আকৃষ্ট প্ৰতিজনেই এই সময়ছোৱালৈ বাট চাই থাকে বুলি ক’লেও ভুল কোৱা নহ’ব ৷ শীতকালৰ মাজুলীৰ সৌন্দৰ্য অপৰূপ ৷ তাতে আকৌ চাৰিওফালে ৰাস বন্দনাৰে পৰিৱেশ হৈ থাকে ভক্তিময় ৷

ৰাসৰ আখৰা আৰম্ভ হোৱাৰ সময়ৰে পৰা মাজুলীৰ ইমূৰ-সিমূৰ থাকে মাথো কলাত্মক পৰিৱেশৰ আৱৰ্তত ৷ আজিৰে পৰা আৰম্ভ মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱ । কৃষ্ণ বন্দনাৰে মুখৰিত হৈ আছে মাজুলীৰ আকাশ-বতাহ ৷ ৰাসৰ সমান্তৰালকৈ এতিয়া প্ৰস্তুতি চলিছে সংগীতৰ আন এক অনুষ্ঠানৰ ৷ চাওঁতে চাওঁতে পাঁচটা বৰ্ষত ভৰি দিলেহি মাজুলী মিউজিক ফেষ্টিভেলে ৷

মিউজিক ফেষ্টিভেলৰ প্ৰস্তুতি আৰম্ভ হ’ল মাজুলীত (ETV Bharat Assam)

মাজুলীৰ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হ’ব পঞ্চম সংখ্যক মাজুলী মিউজিক ফেষ্টিভেল ৷ এইবাৰ এই সংগীত মহোৎসৱত ভাৰতৰ কেইবাটাও বেণ্ডৰ লগতে গীত পৰিবেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে । বিগত বছৰকেইটাত মাজুলী সংগীত মহোৎসৱত লাকী আলী, কৈলাশ খেৰকে ধৰি বহু জনপ্ৰিয় শিল্পীয়ে গীত পৰিবেশন কৰিছিল । এই বৰ্ষত ২২ নৱেম্বৰ পৰা ২৪ নৱেম্বৰলৈ জেংৰাই বালিচাপৰিত অনুষ্ঠিত হ’ব এই সংগীত মহোৎসৱ ।

এইবাৰ মাজুলী মিউজিক ফেষ্টিভলত অসম ভিত্তিত অনুষ্ঠিত হ’ব গুমৰাগ নৃত্যৰ প্ৰতিযোগিতা । উল্লেখ্য যে, থলুৱা নৃত্য-গীত-খাদ্যৰ সমান্তৰালভাৱে বিদেশী সংগীত-নৃত্যৰ ফিউজনেৰে এক সাংস্কৃতিক সমন্বয় আৰু সংগীতৰ এক নতুন পৰিৱেশ মাজুলীৰ বুকুত প্ৰতিষ্ঠা কৰাৰ এক প্ৰচেষ্টা চলাই আহিছে মাজুলী মিউজিক ফেষ্টিভেলে ।

মাজুলী মিউজিক ফেষ্টিভেলৰ জৰিয়তে নদীদ্বীপ মাজুলীৰ প্ৰাকৃতিক সৌন্দৰ্য, মাজুলীৰ থলুৱা খাদ্য, নদীৰ পাৰৰ মনোমোহা পৰিবেশ বিশ্ব দৰবাৰত সাংস্কৃতিক কাৰ্যসূচীৰ যোগেদি উপস্থাপন কৰাৰ প্ৰয়াস কৰি আহিছে অনুষ্ঠানৰ মূল আয়োজক মুকুল দলেৰ লগতে কেইজনমান সচেতন মাজুলীৰ সন্তানে ।

লগতে পঢ়ক : চিয়াং নদী সাংস্কৃতিক মহোৎসৱৰ আৰম্ভণি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.