অসম

assam

By ETV Bharat Entertainment Team

Published : 5 hours ago

ETV Bharat / entertainment

আজি হেমা মংগেশকাৰৰহে জন্মদিন হ’লহেঁতেন, যদিহে... - Lata Mangeshkar

Hema Mangeshkar to Lata Mangeshkar : জন্মৰ পৰা হেমা মংগেশকাৰ হিচাবে পৰিচিত আছিল তেওঁ ৷ কিন্তু শিল্পী পিতৃৰ বিশেষ এক ক্ষণে সলনি কৰি দিলে তেওঁৰ নাম ৷ নাট্যকৰ্মী পিতৃয়ে কিয় সলনি কৰিছিল হেমা মংগেশকাৰৰ নাম ?

Hema Mangeshkar to Lata Mangeshkar
লতা মংগেশকাৰৰ পূৰ্বৰ নাম আছিল হেমা মংগেশকাৰ (Getty Images)

নিউজ ডেস্ক, ২৮ ছেপ্টেম্বৰ :সেই সময়ত দীননাথ মংগেশকাৰ যদি ‘ভৱবন্ধন’ নামৰ নাটকখনৰ সৈতে জড়িত নহ’লহেঁতেন, আজি দেশবাসীয়ে হেমা মংগেশকাৰৰ জন্মদিন উদযাপন কৰিলহেঁতেন ৷ ‘লতিকা’ চৰিত্ৰটোৱে যদি দীননাথ মংগেশকাৰৰ মনত খোপনি নুপুতিলেহেঁতেন, তেন্তে আজি দেশবাসীয়ে নাইটিংগেল অফ ইণ্ডিয়া, কুইন অফ মেল'ডী, ভইচ অফ দ্য মিলেনিয়াম বুলি ক’লে হেমা মংগেশকাৰকহে চিনি পালেহেঁতেন ৷

কথাবোৰ নিশ্চয় আচহুৱা লাগিছে ! লাগিবই ৷ হয়তো বহুতেই জানে, অথবা বহুতেই নাজানে যে আজি দেশৰ লগতে বিশ্বৰ ভিন্নস্থানত ৯৫ সংখ্যক জন্মদিন উদযাপন কৰা লতা মংগেশকাৰৰ নামটো ‘হেমা’হে আছিল ৷ সৰুৰে পৰা হেমা মংগেশকাৰ হিচাবেই পৰিচিত আছিল এতিয়াৰ লতা মংগেশকাৰ ৷ শিল্পীৰ ঘৰত জন্মলাভ কৰা ‘হেমা’ৰ নাম সলনিৰ আঁৰতো আছে শৈল্পিক প্ৰভাৱ ৷

সকলোৱে জানেই যে লতা মংগেশকাৰৰ পিতৃ দীননাথ মংগেশকাৰ আছিল একেধাৰে অভিনেতা, সংগীতশিল্পী তথা সুৰকাৰ ৷ মূলতঃ দীননাথ মংগেশকাৰ আছিল এগৰাকী নাট্যকৰ্মীৰ লগতে মাৰাঠী আৰু কোংকানী ধ্ৰুপদী সংগীতৰ লগত জড়িত ৷ লতা মংগেশকাৰৰ সাংগীতিক যাত্ৰাও সেয়ে ঘৰখনৰ পৰাই আৰম্ভ হৈছিল ৷ গীত গাবলৈ আৰম্ভ কৰিছিল পিতৃৰ লগতে ৷

১৯২৯ চনৰ ২৮ ছেপ্টেম্বৰত ইন্দোৰৰ এটা সাংস্কৃতিকভাৱে চহকী মাৰাঠী পৰিয়ালত জন্মলাভ কৰা কন্যা সন্তানটিৰ নাম ৰখা হৈছিল ‘হেমা’ ৷ হেমা মংগেশকাৰ হিচাবেই সৰুৰে পৰা পৰিচিত আছিল তেওঁ ৷

এবাৰ দীননাথ মংগেশকাৰে হাতত লৈছিল এখন নাটকৰ কাম ৷ নাটকখনৰ নাম আছিল 'ভৱবন্ধন' আৰু নাটকখন মূল নাৰী চৰিত্ৰটোৰ নাম আছিল ‘লতিকা’৷ দীননাথ মংগেশকাৰে ‘লতিকা’ চৰিত্ৰটোৰ লগত ইমানেই একাত্ম হৈ পৰিল যে নামটোও তেওঁৰ ভাললগা হৈ গ'ল ৷ সেয়ে নিজ কন্যা হেমা মংগেশকাৰৰ নাম সলনি কৰি নাম লতা মংগেশকাৰ কৰি দিলে পিতৃ দীননাথ মংগেশকাৰে ৷

উল্লেখ্য যে লতা মংগেশকাৰৰ ১৩ বছৰ বয়সতে পিতৃ দীননাথ মংগেশকাৰৰ মৃত্যু হয় ৷

লগতে পঢ়ক :নাইটিংগেলৰ দৃষ্টিত দেৱ আনন্দ আছিল বলীউডৰ আটাইতকৈ সুদৰ্শন অভিনেতা

ABOUT THE AUTHOR

...view details