চিটাৰা ডেস্ক, ২০ ফেব্ৰুৱাৰী:ডন ৩ৰ প্ৰযোজক ৰিতেশ সিধৱানী আৰু ফাৰহান আখতাৰে অনুৰাগীক দিছে এক ডাঙৰ উপহাৰ ৷ ইতিমধ্যেই অনুৰাগীৰ মাজত ডন ৩ ছবিখনক লৈ কৌতুহলৰে সৃষ্টি হৈছিল ৷ এনে পৰিস্থিতিত সকলোৱে আগ্ৰহেৰে অপেক্ষা কৰি আছিল ডন ৩ ৰ মুখ্য অভিনেত্ৰী কোন হ’ব সেয়া জানিবলৈ । অৱশেষত অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ৷ ছবিখনৰ মুখ্য অভিনেত্ৰীগৰাকীৰ নাম প্ৰকাশ কৰিলে নিৰ্মাতাই ।
ডন ৩ৰ মুখ্য অভিনেত্ৰী কোন হ’ব ?
এই ছবিখনত ৰণবীৰৰ বিপৰীতে দেখা যাব কিয়াৰা আদৱানীক । হয়, ছবিখনত মুখ্য অভিনেত্ৰীৰ ৰূপত দেখা যাব কিয়াৰাক ৷ কিয়াৰা নিজৰ আকৰ্ষণীয় অভিনয়ৰ বাবে পৰিচিত । এতিয়া অভিনেত্ৰীগৰাকীক ডনৰ জগতখনত একশ্যনৰ দৃশ্যত দেখা যাব । এই ছবিখনৰ সৈতে প্ৰথমবাৰৰ কিয়াৰা আৰু ৰণবীৰৰ মাজত ৰোমান্টিত কেমেষ্ট্ৰী দেখা পোৱা যায় ৷ এতিয়া দুয়োকে একেলগে পৰ্দাত দেখিবলৈ আগ্ৰহী হৈ পৰিছে অনুৰাগী ৷