চিটাৰা ডেস্ক, 6 জুন :কেমেৰা আৰু তাৰকা, এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ য’ত তাৰকা ত’ত কেমেৰা ৷ পৰ্দাত ওলোৱা প্ৰতিজন ব্যক্তিকেই ঘৰখনৰ বাহিৰত অহৰহ কেমেৰাই খেদি ফুৰে ৷ তেওঁলোকে লাগিলে যিয়েই নকৰক কিয়; জিমলৈ যাওক, যোগাভ্যাসৰ বাবে যাওক, পাৰ্লাৰলৈ যাওক, বন্ধু-বান্ধৱৰ লগত ওলাই যাওক, দিনত বা ৰাতি আহাৰ গ্ৰহণ কৰিবলৈ যাওক, কোনোবা ষ্টুডিঅ’লৈ যাওক, যিকোনো ধৰণৰ মুহূৰ্ততে পাপাৰাজ্জীয়ে চেলেব্ৰিটীসকলক কেমেৰাত বন্দী কৰি ৰাখে ৷ এইদৰেই তেওঁলোকে অনুৰাগীসকলৰ মাজত প্ৰিয় তাৰকাৰ সকলো মুহূৰ্তৰ আপডেট পঠিয়াই থাকে ৷
পিছে বহু সময়ত আমি দেখা পাও এই ফটো তোলা কাৰ্যই কেতিয়াবা তাৰকাসকলক অতিষ্ঠ কৰি তোলে ৷ এফালৰ পৰা চাবলৈ গ’লে কোনো সাধাৰণ মানুহ সকলো সময়তে ফটো তোলাৰ মুডত নাথাকে ৷ সৰু পৰ্দা, ডাঙৰ পৰ্দাৰ তাৰকা হ’ল বুলিয়ে তেওঁলোকেও সকলো সময়তে গ্লীটাৰ-গ্লেমাৰৰ মাজত হয়তো সোমাই থাকিবলৈ নিবিচাৰে ৷ সেইখিনিতেই কেতিয়াবা কথাৰ কটাকটি লাগে ৷ কিন্তু এইখিনিতে তেওঁলোকে এইটোও ভাবিবলগীয়া হয় যে অনুৰাগীৰ ওচৰলৈ এই পাপাৰাজ্জীয়েই তেওঁলোকক লৈ যায় ৷ অনুৰাগী আৰু তাৰকাসকলৰ মাজত পাপাৰাজ্জীয়ে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ৷ এই কথা ভাবিও বহু সময়ত তাৰকাসকলে চাই মেলি কথা-বতৰা ক’বলগীয়া হয় ৷