চিটাৰা ডেস্ক, 7 জুন : বৃহস্পতিবাৰে চণ্ডীগড় বিমানবন্দৰত চিআইএছএফৰ কনিষ্টবলৰ সৈতে এক অনাকাংক্ষিত পৰিস্থিতিত সোমাই পৰে কংগনা ৷ পিচত এই ঘটনা সন্দৰ্ভত এক বিবৃতিত তেওঁ নিজৰ সুৰক্ষাৰ আশ্বাস দিয়ে । ইফালে সংগীত সুৰকাৰ তথা গায়ক বিশাল দাদলানীয়ে তেওঁৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীৰ জৰিয়তে এই কাণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ চিআইএছএফৰ মহিলাগৰাকীৰ কংগনাৰ প্ৰতি থকা ক্ষোভৰ বিষয়ে বুজাবুজি প্ৰকাশ কৰি তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিলে তেওঁৰ বাবে চাকৰি নিশ্চিত কৰাৰ প্ৰস্তাৱ দিয়ে বিশালে ।
বিশালে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এই ঘটনাৰ ভিডিঅ’ ৰিপ’ৰ্ট পোষ্ট কৰি কয়, “মই কেতিয়াও হিংসাক সমৰ্থন নকৰো, কিন্তু এই @official_cisf কৰ্মীসকলৰ ক্ষোভ মই একেবাৰে বুজি পাওঁ ।” যদি চিআইএছএফে তেওঁৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰে, তেন্তে মই নিশ্চিত কৰিম যে তেওঁ গ্ৰহণ কৰিলে তেওঁৰ বাবে এটা চাকৰিয়ে অপেক্ষা কৰি আছে । জয় হিন্দ । জয় জৱান । জয় কিষাণ ।"
লগতে পঢ়ক :কংগনাক প্ৰহাৰ কৰি নিশাৰ ভিতৰতে চৰ্চালৈ অহা কোন এই কুলবিন্দৰ কৌৰ ? - who is Kulwinder Kaur