চিটাৰা ডেস্ক, 3 মে’ :বলীউড অভিনেত্ৰী অনুষ্কা শৰ্মাই 1 মে’ বুধবাৰে 36 তম জন্মদিন উদযাপন কৰে । অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামী তথা ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলি আৰু আৰচিবি দলৰ খেলুৱৈসকলৰ সৈতে তেওঁৰ বিশেষ দিনটো উদযাপন কৰে । তাৰকা খেলুৱৈ কোহলিয়ে পত্নীৰ জন্মদিন উদযাপনৰ কেইবাখনো ফটো সামাজিক মাধ্য়মত শ্বেয়াৰ কৰিছে ৷
অভিনেত্ৰীগৰাকীয়ে স্বামী আৰু সহযোগী ক্ৰিকেটাৰসকলৰ সৈতে ডিনাৰ ডেটত গৈ তেওঁৰ বিশেষ দিনটো পালন কৰে । এইবৰ্ষত অভিনেত্ৰীগৰাকীয়ে বেংগালুৰুত তেওঁৰ জন্মদিন উদযাপন কৰে ৷ অনুষ্কাই জন্মদিনৰ নৈশ আহাৰ গ্ৰহণ কৰা মুহূৰ্তৰ এখন ফটো ইনষ্টাগ্ৰামৰ ষ্টৰীত শ্বেয়াৰ কৰি এটা সুন্দৰ নিশা সুন্দৰ লোকৰ সৈতে পাৰ কৰা বুলি কেপশ্যন লিখে ৷ আনহাতে বিৰাটে এটা ষ্টৰী পোষ্ট কৰিছিল য'ত অনুষ্কাৰ নামৰ সৈতে এখন মেন্যু আছিল ।
বিৰাটে ফটোখনৰ শিৰোনাম দিছিল, "ধন্যবাদ, (চেফ) মনু চন্দ্ৰ, এক সুন্দৰ ভোজনৰ বাবে । আমাৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ খাদ্যৰ অভিজ্ঞতাক বাবে ধন্যবাদ" ৷ ফটোখনত দম্পতীটোৱে বেংগালুৰুৰ এখন উচ্চ মানৰ ৰেষ্টোৰা "লুপা"ত নৈশ ভোজন কৰিছিল ।