মুম্বাই : ‘টুৱেল্থ ফেইল’, ‘হাছিন দিলৰুবা’, ‘ছাপাক’, ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ আদি ছবিৰে দৰ্শকৰ হৃদয় জয় কৰা বিক্ৰান্ত মেছিয়ে ২ ডিচেম্বৰত ছবিৰ পৰা বিৰতি লোৱাৰ কথা ঘোষণা কৰিছে । বোলছবি জগতত তেওঁৰ যাত্ৰা ইমান সহজ নাছিল ৷ অভিনেতাগৰাকীয়ে টিভি ধাৰাবাহিকৰ জৰিয়তে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল, তাৰ পিছত তেওঁ লুটেৰা ছবিৰে ছবি জগতত আত্মপ্ৰকাশ কৰে ৷ তাৰ পিছৰ পৰা আৰু তেওঁ পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই । বিক্ৰান্তৰ কেৰিয়াৰ, উপাৰ্জন, নেট ৱৰ্থ আৰু গাড়ীৰ সংগ্ৰহৰ বিষয়ে জানো আহক ৷
বিক্ৰান্তৰ নেট ৱৰ্থ কিমান ?
প্ৰায় ১৭ বছৰ ধৰি মনোৰঞ্জন জগতত জড়িত হৈ আছে বিক্ৰান্ত ৷ বৰ্তমানলৈকে তেওঁ যথেষ্ট পৰিমাণৰ সম্পত্তি গঢ়ি তুলিছে । বিক্ৰান্তে দীৰ্ঘদিন টিভি ধাৰাবাহিকত কাম কৰিছিল ৷ তাৰ পিছত তেওঁ ছবিৰ ক্ষেত্ৰলৈ আহে । কিছু সহযোগী আৰু স্মৰণীয় চৰিত্ৰ কৰাৰ পিছত বিক্ৰান্তে মুখ্য চৰিত্ৰত অভিনয় কৰিবলৈ সুবিধা পায় ৷ দৰ্শকে বিক্ৰান্তৰ কাম বহুত ভাল পাই আৰু ইয়াৰ লগে লগে তেওঁৰ উপাৰ্জনো বাঢ়ি আহে । জানিব পৰা মতে, বিক্ৰান্তৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ২০-২৬ কোটি টকা, যি এজন অভিনেতাৰ মাচুলতকৈয়ো কম । প্ৰাপ্ত তথ্য অনুসৰি, অভিনেতা ৰণবীৰ সিঙে তেওঁৰ এখন ছবিৰ মাচুল হিচাপে ৩০ ৰ পৰা ৬০ কোটি টকা লয় ।
বিক্ৰান্তে এখন চলচ্চিত্ৰৰ বাবে কিমান মাচুল লয় ?
যদি আমি ছবিৰ পৰা উপাৰ্জনৰ কথা কওঁ, বিক্ৰান্তে এখন ছবিৰ বাবে ১-২ কোটি টকা লয় । আনহাতে যিকোনো ব্ৰেণ্ড প্ৰচাৰৰ বাবে তেওঁৰ মাচুল ৫০ লাখৰ পৰা ১ কোটি টকাৰ ভিতৰত । বিক্ৰান্তৰ ইনষ্টাগ্ৰামত ২৫ লাখ ফ’ল’ৱাৰ আছে য’ত তেওঁ বহু ব্ৰেণ্ডৰ প্ৰচাৰ কৰে । বিক্ৰান্তৰ উপাৰ্জন আৰু নেট ৱৰ্থ প্ৰায় স্পষ্ট যদিও তেওঁ ক’ত বিনিয়োগ কৰে সেই সম্পৰ্কে কোনো তথ্য বৰ্তমানলৈকে জানিব পৰা হোৱা নাই ।