অসম

assam

ETV Bharat / entertainment

অভিনেতা বিক্ৰান্ত মেছিৰ হাতত এটা বিশেষ টাটু, "বৰদান:7-2-2024" - Vikrant Massey

Vikrant Massey: অভিনেতা বিক্ৰান্ত মেছিৰ হাতত নতুন টাটু ৷ পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ এমাহৰ পিচতেই পুত্ৰ বৰদানৰ নামত টাটু অংকন কৰিলে বিক্ৰান্ত মেছিৰ ৷ সামাজিক মাধ্যমত বিক্ৰমে শ্বেয়াৰ কৰিলে টাটুৰ ফটো ৷

Vikrant Massey
পিতৃত্বৰ গৌৰৱ অৰ্জন কৰাৰ এমাহৰ পিচতেই পুত্ৰৰ নামত টাটু বিক্ৰান্ত মেছিৰ

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 11:11 AM IST

চিটাৰা ডেস্ক, 31 মাৰ্চ : বি টাউনৰ পিতা-সন্তানৰ যুতিয়ে সততে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷ এইবাৰ 12th Fail ৰ ফেম বিক্ৰান্ত মেছি আৰু তেওঁৰ পুত্ৰৰ যুতিয়ে সামাজিক মাধ্যমক ব্যাপক চৰ্চা লাভ কৰিছে ৷

শেহতীয়াকৈ অভিনেতা বিক্ৰান্ত মেছি আৰু শীতল ঠাকুৰৰ ঘৰলৈ নতুন আলহী ৷ এমাহৰ পূৰ্বে অভিনেতাগৰাকীয়ে পিতৃত্বৰ গৌৰৱ অৰ্জন কৰে ৷ ইয়াৰ পিচতে এতিয়া সামাজিক মাধ্যমত বিক্ৰান্তে শ্বেয়াৰ কৰিছে এখন বিশেষ ফটো ৷ পুত্ৰ বৰদানৰ নামত টাটু অংকন কৰিলে বিক্ৰান্ত মেছিয়ে ৷

যোৱা 7 ফেব্ৰুৱাৰীত তেওঁলোকৰ জীৱনলৈ বৰদানৰ আগমন হৈছিল ৷ বৰদান তেওঁলোকৰ প্ৰথমটো সন্তান ৷ বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত পৰম্পৰাগত ৰীতি-নীতি অনুসৰি বিক্ৰান্ত আৰু শীতলৰ বিবাহ হৈছিল ।

মিৰ্জাপুৰ ফেম অভিনেতাগৰাকীয়ে নিজ পুত্ৰৰ প্ৰতি থকা মৰম দেখুৱাবলৈ মেছিয়ে পুত্ৰৰ নাম আৰু জন্ম হোৱাৰ তাৰিখটো হাতত টাটু হিচাপে অংকন কৰি শ্বেয়াৰ কৰে ৷ মেছিয়ে ইনষ্টাগ্ৰামৰ ষ্টৰীত ফটোখন আপলোড কৰাৰ পিচতে অনুৰাগীয়ে যথেষ্ট সহাঁৰি জনায় ৷ অভিনেতাগৰাকীয়ে ষ্টৰীটোত কেপশ্যন লিখে যে, "আসক্তি নে সংযোজন ? মই তেওঁলোক দুয়োকে ভাল পাওঁ ।"

অভিনেতাজনে পিতৃ হোৱাৰ পূৰ্বে এক অনুষ্ঠানত তেওঁ নিজ জীৱনৰ নতুন অধ্যায়ৰ বিষয়ে জানিবলৈ দিছিল । মেছিয়ে দাবী কৰিছিল যে যদিও তেওঁ নতুন আলহীজনক আদৰণি জনাবলৈ সম্পূৰ্ণ সাজু ৷ তেওঁ নিজ সন্তানক চম্ভালাৰ লগতে সন্তানৰ ডায়েপাৰ সলাবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত ৷

বিক্ৰান্ত আৰু শীতলৰ প্ৰেম কাহিনী বাকী সকলোতকৈ অলপ বেলেগ ৷ দুয়োৰে প্ৰথম লগ হৈছিল ALTBalaji ৰ ৱেব শ্ব’ Broken But Beautiful চেটত । তাৰ পৰাই অতি সোনকালেই দুয়ো ইগৰাকীয়ে সিগৰাকীক ডেট কৰিবলৈ আৰম্ভ কৰে আৰু ২০১৯ চনৰ নৱেম্বৰ মাহত ব্যক্তিগত অনুষ্ঠানত আঙুঠি পিন্ধোৱা পৰ্ব সম্পন্ন কৰিছিল ৷

লগতে পঢ়ক:Vikrant Massey: অতি সোনকালেই অভিনেতা বিক্ৰান্ত মেছিৰ ঘৰলৈ আহিব এটি কণমানি অতিথি

ABOUT THE AUTHOR

...view details