হায়দৰাবাদ :সকলোকে আচম্বিত কৰি তুলি জনপ্ৰিয় অভিনেতা বিক্ৰান্ত মেছিয়ে অভিনয়ৰ পৰা ঘোষণা কৰিলে বিৰতি ৷ বলীউড জগতৰ বাবে ই নিশ্চয়কৈ এটা দুখলগা খবৰ ৷ সোমবাৰৰ পুৱাই সামাজিক মাধ্যমৰ জৰিয়তে বিৰতি লোৱাৰ কথা খোদ প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷
খবৰ বিয়পি পৰাৰ লগে লগে হৈ-চৈ লাগে সামাজিক মাধ্যমত ৷ হতাশ হৈ পৰিছে অভিনেতাগৰাকীৰ অনুৰাগীসকল ৷ নেটিজেনৰ প্ৰশ্ন, কেৰিয়াৰৰ শীৰ্ষত উপনীত হওঁতেই এই সিদ্ধান্ত কিয় ?
শেহতীয়াকৈ মুক্তি পোৱা ‘‘দ্য সাবৰমতী ৰিপ’ৰ্ট’’ৰ সফলতা বাৰুকৈয়ে উপভোগ কৰিছে বিক্ৰান্ত মেছিয়ে ৷ ‘‘দ্য সাবৰমতী ৰিপ’ৰ্ট’’ত বিক্ৰান্তে এজন সাধাৰণ সাংবাদিকৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ মনত দ কৈ সাঁচ বহুৱাইছে ৷
চলিত বৰ্ষত গোৱাত অনুষ্ঠিত হোৱা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ বছৰটোৰ শ্ৰেষ্ঠ ব্যক্তিত্বৰ বঁটাৰে সন্মানিত হয় ৷ টুৱেল্থ ফেইলত কৰা আচৰিত অভিনয়ৰ বাবে মেছিয়ে এই বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷
ইমান জনপ্ৰিয়তা, সন্মান আৰু অনুৰাগীৰ মৰম পোৱাৰ পাছতো সোমবাৰৰ পুৱা ইনষ্টাগ্ৰাম যোগে অভিনেতাগৰাকীয়ে বিৰতি লোৱাৰ কথা ঘোষণা কৰে ৷ তেওঁ কয় যে 2025 চনত তেওঁক শেষবাৰৰ বাবে ছবিত দেখিবলৈ পোৱা যাব ৷
সকলোকে ধন্যবাদ জনাই তেওঁ লিখে, "বিগত কেইটামান বছৰ আৰু তাৰ পূৰ্বৰ সময়খিনি অভূতপূৰ্ব আছিল । আপোনাৰ নিঃস্বাৰ্থ সমৰ্থনৰ বাবে মই আপোনালোক প্ৰত্যেককে ধন্যবাদ জনাইছো । কিন্তু আগবাঢ়ি গৈ থাকোতে মই অনুভৱ কৰিছো যে এতিয়া পুনৰ মূল্যায়ন কৰাৰ আৰু ঘৰলৈ উভতি যোৱাৰ সময় আহি পৰিছে । এজন স্বামী, পিতৃ আৰু পুত্ৰ হিচাপে । আৰু লগতে এজন অভিনেতা হিচাপেও ৷"
ধুম মাচাও ধুম, কুবুল হে আৰু বালিকা বধুৰ দৰে জনপ্ৰিয় টিভি শ্ব’ত কাম কৰা মেছিয়ে 2013 চনত লুটেৰাৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে আৰু দিল ধড়কনে দো, ছাপাক, হাফ গাৰ্লফ্ৰেণ্ড, এ ডেথ ইন দ্য গুঞ্জ, হাছিন দিলৰুবা আৰু ছুপাৰহিট ছবি হিট টুৱেল্থ ফেইলত অভিনয় কৰি জনপ্ৰিয় হৈ পৰে । এজন অভিনেতা হিচাপে তেওঁৰ বহুমুখী প্ৰতিভায়ে তেওঁক ব্যাপক প্ৰশংসা আৰু স্বীকৃতি প্ৰদান কৰে ৷ শেহতীয়া বছৰবোৰত তেওঁ সমালোচকৰ দ্বাৰা প্ৰশংসিত চলচ্চিত্ৰত অভিনয় কৰি চলচ্চিত্ৰ উদ্যোগত তেওঁৰ স্থান সুদৃঢ় কৰে ।
বৰ্তমান বিক্ৰান্ত আগন্তুক তিনিটা প্ৰজেক্টত ব্যস্ত:জিৰ’ ছে ৰিষ্টাৰ্ট, য়াৰ জিগ্ৰী আৰু আখোন কি গুস্তাখিয়ান । অৱসৰৰ ঘোষণাৰ পিছত এই প্ৰকল্পসমূহে তেওঁ লাইমলাইটৰ পৰা আঁতৰি যোৱাৰ পূৰ্বে তেওঁৰ চূড়ান্ত উপস্থিতি চিহ্নিত কৰিব । 2022 চনত অভিনেত্ৰী শীতল ঠাকুৰৰ সৈতে বিবাহপাশত আবদ্ধ হয় মেছি আৰু 2024 চনৰ ফেব্ৰুৱাৰী মাহত তেওঁলোকে প্ৰথমটি পুত্ৰ সন্তানক আদৰণি জনায় ।
লগতে পঢ়ক :IFFI ত শ্ৰেষ্ঠ ব্যক্তিত্ব বঁটা লাভেৰে জিলিকিল বিক্ৰান্ত মেছি