চিটাৰা ডেস্ক, ৩ মে' :প্ৰযোজনা গোষ্ঠী তিৰুপতি ব্ৰাদাৰ্ছৰ পৰিচালক-প্ৰযোজক লিংগাস্বামী আৰু সহ প্ৰযোজক সুভাষ চন্দ্ৰ বসুৱে অভিনেতা কমল হাছানৰ বিৰুদ্ধে চুক্তিভংগৰ অভিযোগ দাখিল কৰিছে । ২০১৫ চনৰ উত্তমা ভিলেন নামৰ চলচ্চিত্ৰখনৰ বাবে এই বিতৰ্কৰ উদ্ভৱ হৈছে ।
উল্লেখ্য যে, ছবিখন বাণিজ্যিকভাৱে বিফল হৈছিল আৰু প্ৰযোজনা কোম্পানীটো ঋণত ডুব গৈছিল । ফলস্বৰূপে কমল হাছানে 30 কোটি টকাৰ বাজেটৰ আন এখন চলচ্চিত্ৰত অভিনয় কৰি ইয়াৰ ক্ষতিপূৰণ দিয়াৰ প্ৰতিশ্ৰুতি দিছিল । কিন্তু ন বছৰ ধৰি তেওঁ এই প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে বুলি অভিযোগ কৰা হৈছে ।
আনহাতে, ছবিখনৰ বিষয়ে উল্লেখ কৰিবলৈ গৈ বক্স অফিচত ছবিখনৰ দুৰ্বল প্ৰদৰ্শন এক মুখ্য কাৰক হিচাপে কমল হাছানে চিত্ৰনাট্যত বাৰে বাৰে পৰিৱৰ্তন কৰা বুলি লিংগাস্বামীয়ে উল্লেখ কৰে । ইয়াৰ উপৰি পৰিচালকজনে কয় যে, প্ৰযোজনা কোম্পানীটোৱে সফল মালায়ালম চলচ্চিত্ৰ দৃশ্যমৰ পুনৰ নিৰ্মাণ কৰিব বিচাৰিছিল । কিন্তু কমল হাছানে সেয়া অস্বীকাৰ কৰে । কিন্তু পৰিচালকজনে উল্লেখ কৰা অনুসৰি, ইয়াৰ পৰিৱৰ্তে কমল হাছানে এটা বেলেগ প্ৰযোজনা প্ৰতিষ্ঠানৰ সৈতে ছবিখন নিৰ্মাণ কৰিবলৈ যায় ।