গুৱাহাটী, ২৫ আগষ্ট : উত্তৰ-পূৰ্বাঞ্চলৰ দুই প্ৰখ্যাত গায়কলৈ ডি লিট সন্মান । হাৰ্টথ্ৰৱ জুবিন গাৰ্গ আৰু মেঘালয়ৰ সংগীতশিল্পী লু’ মাজাউলৈ USTM এ আগবঢ়াইছে এই বিশেষ সন্মান ৷ অহা ২৭ আগষ্টত USTM ত অনুষ্ঠিত হ'বলগীয়া দশম সমাৱৰ্তনত মেঘালয়ৰ ৰাজ্যপাল চি এইচ বিজয়শংকৰে দুয়োগৰাকী শিল্পীক প্ৰদান কৰিব সন্মানীয় ডি লিট সন্মান ।
ইফালে জুবিন গাৰ্গলৈ এই সন্মান ঘোষণাৰ পিচতে কণ্ঠশিল্পীগৰাকীয়ে সামাজিক মাধ্যমত এক আবেগিক পোষ্ট শ্বেয়াৰ কৰে । য'ত কণ্ঠশিল্পীগৰাকীয়ে উল্লেখ কৰিছে ‘‘মা থকাহেঁতেন সমাৱৰ্তন সমাৰোহত মোক ‘Convocation Gown’ পিন্ধা দেখি বহুত সুখী হ’লহেঁতেন’ ।’’ লগতে উক্ত পোষ্টযোগে কণ্ঠশিল্পীগৰাকীয়ে ডি লিট সন্মান আগবঢ়োৱাৰ বাবে USTM ক ধন্যবাদো জ্ঞাপন কৰে ।
উল্লেখ্য যে, জুবিন গাৰ্গৰ দৰে লু’ মাজাউ এগৰাকী বহু প্ৰতিভাসম্পন্ন শিল্পী ৷ ভাৰতৰ বব ডিলান বুলি পৰিচিত লু’ মাজাউৱে খাছি সংস্কৃতিৰ পুনৰুদ্ধাৰৰ বাবে যথেষ্ট অৱদান আগবঢ়াইছে । আনহাতে USTM ক লৈ বিৰ্তক অব্যাহত থকাৰ এই নতুন ঘোষণাক লৈ এতিয়া পুনৰ আৰম্ভ হৈছে তীব্ৰ চৰ্চা ।