চিটাৰা ডেস্ক, 2 জুলাই: বিগত জুন মাহৰ দৰে এইবাৰ জুলাই মাহতো মনোৰঞ্জনৰ খোৰাক আৰু দুগুণ বৃদ্ধি হ’বলৈ গৈ আছে ৷ ই টিভি ভাৰতৰ এই বিশেষ শিতানত আমি আপোনালোকৰ বাবে লৈ আহিছো জুলাই মাহত মুক্তি পাবলগীয়া ছবি আৰু ৱেব চিৰিজৰ সম্পূৰ্ণ তালিকা । সেয়ে পলম কিহৰ ? হাতত পপকৰ্ণ আৰু স্নেক লৈ সাজু হওক ৷ কাৰণ মনোৰঞ্জনৰ এই তালিকা দীঘলীয়া হ’বলৈ গৈ আছে ৷
জুলাই মাহত মুক্তি পাবলগীয়া ছবিসমূহ
কিল
কৰণ জোহৰৰ একচন থ্ৰিলাৰ ছবি কিল ৫ জুলাইত ছবিগৃহত মুক্তি পাব । লক্ষ্য আৰু ৰাঘৱ জুয়ালৰ এই ছবিখন হলীউডতো পুনৰ নিৰ্মাণ হ’বলৈ গৈ আছে ।
অৰৌ ম্যে কাহা দম থা
একে সময়তে অজয় দেৱগন, টাবু আৰু জিমি শ্বেৰগিল অভিনীত প্ৰেম কাহিনী ছবি অৰৌ ম্যে কাহা দম থা ৫ জুলাইত মুক্তি পাবলৈ ওলাইছে । ছবিখন পৰিচালনা কৰিছে নীৰজ পাণ্ডাই । যদি প্ৰেম কাহিনী আপোনাৰ প্ৰিয় তেন্তে এই ছবিখন আপোনাৰ বাবে উত্তম বিকল্প হ’ব পাৰে ৷
ছাৰ্ফিৰা
বিগত সময়ত বহু ফ্লপ ছবিৰ পিচত এতিয়া অক্ষয় কুমাৰ পুনৰ ডাঙৰ পৰ্দালৈ ঘূৰি আহিছে । ১২ জুলাইত মুক্তি পাবলৈ গৈ আছে ছবি ছাৰ্ফিৰা । ছাৰ্ফিৰা ছবিখন দক্ষিণৰ চলচ্চিত্ৰ জগতৰ অভিনেতা সূৰ্যৰ ছবি সৌৰাৰই পোটৰুৰ অফিচিয়েল হিন্দী ৰিমেক ।
দ্য ইউ পি ফাইলছ
একে সময়তে ১২ জুলাইত মুক্তি পাবলৈ গৈ আছে নীৰজ সাহায়ৰ ছবি দ্য ইউ পি ফাইলছ । দ্য ইউ পি ফাইলছ ছবিখনত মনোজ যোশী, মাঞ্জাৰী, মিলিন্দ গুঞ্জী আদি অভিনেতাই অভিনয় কৰিব ।
ইণ্ডিয়ান 2
দক্ষিণৰ চলচ্চিত্ৰ জগতৰ আটাইতকৈ প্ৰত্যাশিত ছবি ইণ্ডিয়ান ২ ও জুলাই মাহত মুক্তিলাভৰ বাবে সাজু হৈছে । দক্ষিণৰ ছুপাৰষ্টাৰ কমল হাছান আৰু পৰিচালক শংকৰে ২৮ বছৰৰ পিচত ইণ্ডিয়ানৰ ছিকুৱেলৰ সৈতে পুনৰ আহি আছে ।
লগতে পঢ়ক:মিৰ্জাপুৰ ৩ৰ সফলতা কামনাৰে বাৰাণসী ভ্ৰমণ শ্বেতা ত্ৰিপাঠীৰ - Mirzapur 3 Shweta Tripathi as Golu
গোধৰা
একে সময়তে ১২ জুলাইত গুজৰাট সংঘৰ্ষৰ আধাৰত নিৰ্মিত এক্সিডেণ্ট অৰ কনস্পিৰচি: গোধৰা ছবিখন পৰ্দাত মুক্তি পাবলৈ গৈ আছে। ছবিখনৰ পৰিচালনা কৰিছে এম কে শিৱক্ষে। এই ছবিখনত মনোজ যোশী, দনিশা গুমৰা, ৰণবীৰ শ্বোৰেৰ দৰে অভিনেতাই অভিনয় কৰিব।
বেড নিউজ
এই কাহিনী হৈছে ছালোনীৰ (তৃপ্তী ডিমৰী), যিয়ে এই বিষয়ে অৱগত হয় যে তেওঁ দুজন ভিন্ন ব্যক্তি অখিল (বিকী কৌশল) আৰু গুৰবীৰ (এমি বিৰ্কৰ)ৰ যমজ সন্তানৰ মাতৃ হ’বলৈ ওলাইছে । এই অসাধাৰণ পৰিস্থিতি হাস্যকৰ আৰু হৃদয়স্পৰ্শী । এই ছবিখন পৰিচালনা কৰিছে আনন্দ তিৱাৰীয়ে । আগন্তুক ১৯ জুলাইত মুক্তি পাব এই হাস্যৰসিক ছবি ‘বেড নিউজ’ ।
ৰায়ান
একে সময়তে ছুপাৰষ্টাৰ ধনুশ অভিনীত ছবি ৰায়ানেও অহা ২৬ জুলাইত চাউথ চিনেমাৰ পৰা মুক্তি পাবলৈ গৈ আছে। ধনুশে নিজেই এই ছবিখন পৰিচালনা কৰিছে। তামিল, তেলুগু আৰু হিন্দী ভাষাতো মুক্তি পাব ছবিখন।
অ’টিটিত প্ৰচাৰিত হ’ব এই ছবি-ধাৰাবাহিকসমূহ
মিৰ্জাপুৰ ৩
২০২৪ চনৰ আটাইতকৈ ডাঙৰ ৱেব-ছিৰিজ মিৰ্জাপুৰ ৩ অহা ৫ জুলাইত ষ্ট্ৰীম কৰিবলৈ সাজু হৈছে । এমাজন প্ৰাইম ভিডিঅ'ত প্ৰচাৰিত হ’ব এই ৱেব চিৰিজখন ।
'কাকুড়া'
একে সময়তে ১২ জুলাইত সোণাক্ষী সিনহা, ৰিতেশ দেশমুখ আৰু চাকিব ছালিম অভিনীত হৰৰ ড্ৰামা ছবি ‘কাকুড়া’ ZEE5ত প্ৰচাৰিত হ’বলৈ গৈ আছে ।
ৱাইল্ড-ৱাইল্ড পঞ্জাৱ
যদি আপুনি কমেডী ছবিৰ প্ৰতি আকৰ্ষিত, তেন্তে পৰিচালক সীমৰপ্ৰীত সিঙে আপোনাৰ বাবে লৈ আহিছে ৱাইল্ড ৱাইল্ড পঞ্জাৱ নামৰ এখন হাস্যৰসৰ ছবি । এই ছবিখনত লগত থাকিব ফুকৰেৰ অভিনেতা বৰুণ শৰ্মা, পাঞ্জাবী গায়ক জাচ্ছী গীল, ছানী সিং, মঞ্জোৎ সিং, পত্ৰলেখা আৰু ইশিতা ৰাজ । অহা ১০ জুলাইত নেটফ্লিক্সত মুক্তিলাভ কৰিব এই ছবিখনে ৷
লগতে পঢ়ক:৫ দিনতে ভংগ কৰিলে ৰেকৰ্ড; বাহুবলীকো চেৰ পেলাব নেকি কল্কি 2898 AD য়ে - Kalki 2898 AD Box Office Collection