গুৱাহাটী, 13 জুন: দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ পুৰণি, জনপ্ৰিয় তথা বৃহৎ চলচিত্ৰ মহোৎসৱ হৈছে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱ ৷ চলিত বৰ্ষৰ এই মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হ'ব অসমীয়া তথ্যচিত্ৰ "চিবুক" ৷ লুইতত দহদিনীয়া সাহসী যাত্ৰাৰ আধাৰত নিৰ্মাণ কৰা হৈছে এই তথ্যচিত্ৰখন ৷
"চিবুক" হৈছে বাঁহেৰে নিৰ্মিত এনে এখন ভুৰ যিখনত উঠি কিছুবছৰ পূৰ্বে অসমৰ চাৰিজন সাহসী যুৱকৰ এটা দলে দহদিনীয়া পৰিক্ৰমাৰে গোগামুখৰ লখিমপুৰৰ পৰা তেজপুৰলৈ লুইতৰ বুকুত এটা যাত্ৰা ৰূপায়ণ কৰিছিল ৷
এই যাত্ৰাত তেওঁলোকে লগত কোনো ধৰণৰ খাদ্য লৈ যোৱা নাছিল ৷ এই চাৰিজনীয়া যুৱকৰ দলটোৱে লুইতৰ বুকুত দহটা দিন লুইতত পোৱা মাছ পুঠি, কেঁকোৰা তথা শাক খাই অতিবাহিত কৰিছিল ৷ নিশাৰ আন্ধাৰত তেওঁলোকৰ সাৰথি আছিল কেৱল কেৰাচিনৰ লেম্প ৷ সেই লেম্পৰ পোহৰত চিবুকৰ সঠিক দিশ নিৰ্ণয় কৰাটো তেওঁলোকৰ বাবে আছিল অতি কষ্টকৰ ৷ সেই কষ্টৰ মাজেৰেও ১০টা দিনৰ অন্তত অৱশেষত তেওঁলোক উপনীত হৈছিল নিজৰ গন্তব্যস্থানত ৷