অসম

assam

ETV Bharat / entertainment

ৰেম্পত খোজ দিয়েই শিৰত মুকুট পিন্ধিলে টিনাই - Assam Girl Teen grand winner - ASSAM GIRL TEEN GRAND WINNER

Tina Lahon Fashion Star of India : অসম জীয়াৰী টিনাই গোৱালৈ গৈ ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়াৰ মঞ্চত আঁজুৰি আনিলে প্ৰথম ৰানাৰ আপৰ খিতাপ ৷ সন্মানিত কৰিলে অসমবাসীক ৷

tina lahon from assam sarupathar wins first runner up Teen grand winner at Fashion star of India held in goa
টিনা লাহনৰ সফলতা (ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Sep 13, 2024, 3:06 PM IST

সৰুপথাৰ, 13 ছেপ্টেম্বৰ : স্বপ্নভিলাষী এজনী ছোৱালী, নাম টিনা লাহন ৷ সৰুপথাৰৰ টিনাই খোজ দিছে ৰেম্পত ৷ মডেলিং জগতত এয়া টিনাৰ প্ৰথম খোজ ৷ সেই প্ৰথম খোজতেই সফলতা লাভ কৰিলে টিনাই ৷ টিনাৰ এই সফলতাত সুখী হৈ পৰিছে পৰিয়ালৰ সদস্য, ওচৰ চুবুৰীয়াৰ লগতে অসমবাসী ৷

টিনা লাহনৰ শিৰত জিলিকিল টিন গ্ৰেণ্ড উইনাৰ মুকুট (Teen Grand Winner)। গোৱাত অনুষ্ঠিত হোৱা ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়া (Fashion Star of India) 2024-25 ত সৰুপথাৰৰ টিনা লাহনে টিন গ্ৰেণ্ড উইনাৰ মুকুট পাবলৈ সক্ষম হৈছে । 11-12 ছেপ্টেম্বৰত গোৱাত অনুষ্ঠিত ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়াত অংশগ্ৰহণ কৰিছিল সৰুপথাৰৰ টিনা লাহনে ।

ৰেম্পত খোজ দিয়াৰ সময়ত টিনা লাহন (ETV Bharat Assam)

উল্লেখ্য যে, চলিত বৰ্ষৰ জুন-জুলাই মাহত অনুষ্ঠিত মডেলিং প্ৰতিযোগিতাত সৰুপথাৰৰ টেঙাহোলা গাঁৱৰ টিনা লাহনে লাভ কৰিছিল প্ৰথম ৰানাৰ্ছ আপৰ মুকুট । সৰুপথাৰৰ টেঙাহোলা গোঁহাই গাঁৱৰ নিবাসী ৰূপম লাহন আৰু টনিমা লাহনৰ কন্যা টিনা লাহনে গুৱাহাটীত অনুষ্ঠিত হোৱা ‘স্পাৰ্ক মিছ টিন আছাম-2024’ মডেলিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছিল ।

টিনা লাহন (ETV Bharat Assam)

সৰুপথাৰৰ ডনবস্ক’ হাইস্কুলৰ নৱম শ্ৰেণীত পঢ়ি থকা টিনা লাহনে মডেলিঙৰ ক্ষেত্ৰত নিজা প্ৰচেষ্টা আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত আগবাঢ়ি গৈছে বুলি সাংবাদিকৰ আগত উল্লেখ কৰে । মডেলিঙৰ জগতত ভৰি দিয়েই টিনাই প্ৰথম ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হোৱাত সকলো আনন্দিত হৈ পৰিছিল ।

টিনা লাহন (ETV Bharat Assam)

শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ফেশ্বন ষ্টাৰ অফ ইণ্ডিয়াত টিনা লাহনে টিন গ্ৰেণ্ড উইনাৰ মুকুট পাবলৈ সক্ষম হৈছে । কোনোধৰণৰ প্ৰশিক্ষণ নোহোৱাকৈ নিজা প্ৰচেষ্টাৰে আগুৱাই গৈছে টিনা লাহনে ।

লগতে পঢ়ক :ভইচ টেষ্টলৈ মাতি কিয় একেদিনাই কৰা হৈছিল 'ৰত্নাকৰ'ৰ গীতৰ ৰেকৰ্ডিং - Artist Harshita Bhattacharjya

ABOUT THE AUTHOR

...view details