অসম

assam

বিবাহ বিচ্ছেদৰ উৰাবাতৰিৰ মাজতে বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্যৰ কিছু মনোমোহা ফটো - Aishwarya Rai Abhishek Bachchan

By ETV Bharat Entertainment Team

Published : 4 hours ago

Aishwarya Rai with Bachchan Family: সম্প্ৰতি বচ্চন পৰিয়াল আৰু ঐশ্বৰ্য ৰায়ৰ মাজৰ দূৰত্বৰ খবৰে শিৰোনাম দখল কৰি আছে । এই সময়তে আমি আপোনালোকৰ বাবে লৈ আহিছো এনে কিছুমান ছবিৰ সংকলন যিয়ে আপোনালোকক সেই সময়ৰ কথা মনত পেলাই দিব যেতিয়া সমগ্ৰ বচ্চন পৰিয়ালটো একেলগে আছিল ।

Throwback To Happy Times: Aishwarya Rai's Forgotten Moments With Bachchan Family - See Pics
বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্য (Getty Images)

চিটাৰা ডেস্ক, 20 ছেপ্টেম্বৰ :শেহতীয়াকৈ বচ্চন পৰিয়াল আৰু ঐশ্বৰ্য ৰায়ে একেলগে হাই-প্ৰফাইল বিয়াখনত অংশগ্ৰহণ নকৰাৰ খবৰে বহুতৰে মনোযোগ আকৰ্ষণ কৰিছিল । অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ বিয়াত ঐশ্বৰ্য ৰায় আৰু তেওঁৰ কন্যা আৰাধ্যাই পৰিয়ালৰ বাকীসকলৰ পৰা পৃথকে আহি উপস্থিত হোৱাত সকলো আচৰিত হৈ পৰিছিল । অনন্ত-ৰাধিকাৰ অভ্যৰ্থনা অনুষ্ঠানতো ঐশ্বৰ্য আৰু আৰাধ্যাক আকৌ এবাৰ বচ্চন পৰিয়াল অবিহনেই প’জ দিয়া দেখা গ’ল ।

তেওঁলোকৰ পৃথক উপস্থিতিয়ে খবৰৰ বজাৰখন অধিক উত্তপ্ত কৰি তোলে । কিন্তু আজি আমি আপোনালোকৰ বাবে লৈ আহিছো বচ্চন পৰিয়ালৰ এনে কিছুমান ফটো, যিবোৰ দেখিলে আপুনিও পুৰণি দিনলৈ ঘূৰি যাব ।

পুত্ৰ আৰু বোৱাৰীৰ সৈতে অমিতাভ বচ্চন (Getty Images)

এই ফটোখন 2009 চনৰ আন্তঃৰাষ্ট্ৰীয় ভাৰতীয় চলচ্চিত্ৰ একাডেমি বঁটা প্ৰদান অনুষ্ঠানৰ, য’ত 11 জুনত চীনৰ মাকাউৰ ভেনিচিয়ান মাকাউ-হোটেল-ৰিজ’ৰ্টত পুত্ৰ অভিষেক বচ্চন আৰু বোৱাৰী ঐশ্বৰ্য ৰায়ৰ সৈতে বলীউডৰ কিংবদন্তি আৰু আই আই এফ এৰ ৰাষ্ট্ৰদূত অমিতাভ বচ্চনে অংশগ্ৰহণ কৰি নিজৰ মমৰ মূৰ্তিৰ সৈতে পোজ দিছিল । ছবিখনত ঐশ্বৰ্যই তেওঁৰ সৈতে হাঁহি থকা দেখা গৈছে ।

বিগ বিৰ মমৰ মূৰ্তিৰ কাষত পৰিয়ালটো (Getty Images)

আন এখন পুৰণি ফটোত অভিষেক, ঐশ্বৰ্য, জয়া আৰু অমিতাভ বচ্চনক 2009 চনৰ নৱেম্বৰ মাহত মধুশালা - দ্য হাউচ অৱ ৱাইন গ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুম্বাইত দেখা গৈছিল । চিত্ৰখনত ঐশ্বৰ্য স্বামী আৰু বচ্চন পৰিয়ালৰ সৈতে আছে ।

এটা অনুষ্ঠানত বচ্চন পৰিয়াল (Getty Images)

লগতে পঢ়ক :বিবাহ বিচ্ছেদৰ বাতৰিৰ মাজতে বিচ্ছেদৰ পোষ্টত লাইক অভিষেকৰ ! - Abhishek Aishwarya divorce

বৰ্তমান সময়ত ছ’চিয়েল মিডিয়াত ঐশ্বৰ্য আৰু বচ্চন পৰিয়ালৰ মাজত থকা দূৰত্বক লৈ নেটিজেন অত্যন্ত সৰৱ হৈ পৰিছে । আম্বানীৰ বিয়াত পৃথক উপস্থিতিয়ে বচ্চন পৰিয়ালৰ সৈতে তেওঁৰ সম্পৰ্কক লৈ প্ৰশ্ন উত্থাপন কৰিছে । এই ধৰণৰ খবৰ পোহৰলৈ অহাটো অৱশ্যে প্ৰথম নহয় ।

বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্য (Getty Images)

যোৱা কেইমাহমানত ঐশ্বৰ্যৰ ছ’চিয়েল মিডিয়া কাৰ্যকলাপ আৰু ৰাজহুৱা অনুষ্ঠানত অভিষেকৰ অনুপস্থিতিয়েও কিবা এটা ঠিক নোহোৱাৰেই ইংগিত দিছে । আমোদজনক কথাটো হ’ল 13 জুলাইত অমিতাভ বচ্চনে জোঁৱাই নিখিল নন্দ আৰু নাতি-নাতিনী নব্য আৰু অগস্ত্যৰ সৈতে এখন ছবিৰ বাবে প’জ দিছিল য’ত ঐশ্বৰ্য নাছিল ।

বচ্চন পৰিয়ালৰ সৈতে ঐশ্বৰ্য (Getty Images)

এই পুৰণি ছবিবোৰ বচ্চন পৰিয়ালৰ সৈতে এসময়ত ঐশ্বৰ্যৰ সম্পৰ্ক কিমান মধুৰ আছিল তাৰেই প্ৰমাণ । ঐশ্বৰ্য আৰু অভিষেকৰ ব্যক্তিগত জীৱনৰ বিষয়ে বাঢ়ি অহা বাতৰিবোৰে অনুৰাগীসকলক ভাবিবলৈ বাধ্য কৰাইছে যে এই পুৰণি ছবিবোৰত দেখিবলৈ পোৱা হাঁহিটো এতিয়া ম্লান পৰি গৈছে নেকি ?

এতিয়া কেৱল সময়হে ক’ব যে এই উৰাবাতৰিবোৰত কিমান সত্যতা আছে ? বৰ্তমান, বচ্চন পৰিয়ালে এই সন্দৰ্ভত নীৰৱতা অবলম্বন কৰিছে আৰু ঐশ্বৰ্যৰ পৰাও কোনো বিবৃতি পোৱা হোৱা নাই ।

লগতে পঢ়ক :অনন্ত-ৰাধিকাৰ বিয়াত স্বামীৰ পৰিয়ালৰ সৈতে নাহিল ঐশ্বৰ্য - Bollywood stars at ambani wedding

ABOUT THE AUTHOR

...view details