চিটাৰা ডেস্ক, 10 মাৰ্চ: সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ থকা বিশ্বৰ অন্যতম সন্মানীয় বঁটা প্ৰদান অনুষ্ঠান একাডেমী বঁটা ৷ আজি অৰ্থাৎ ১০ মাৰ্চত কেলিফৰ্ণিয়াৰ ডলবি থিয়েটাৰত অনুষ্ঠিত হ’বলৈ গৈ আছে ৯৬ সংখ্যক একাডেমী বঁটা ৷ এইবাৰ বহু উৎকৃষ্ট চলচ্চিত্ৰ পৰিচালকৰ মাজত শ্ৰেষ্ঠ পৰিচালক হোৱাৰ প্ৰতিযোগিতা ৷
অপেনহেইমাৰৰ পৰিচালক ক্ৰিষ্টোফাৰ নোলানকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ তেওঁৰ ছবিখনে অস্কাৰত মুঠ ১৩টা মনোনয়ন লাভ কৰিছে, ইয়াৰে এটা শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনয়ন লাভ কৰিছে ৷ কোনবোৰ পৰিচালকে শ্ৰেষ্ঠ পৰিচালক হ’বলৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে আজি এই প্ৰতিবেদনৰ জৰিয়তে জানো আহক-
Yorgos Lanthimos (Poor Things)
হলিউডৰ শ্ৰেষ্ঠ পৰিচালক ইয়ৰ্গছ লেন্থিমছ ৷ তেওঁৰ মাষ্টাৰপিছ Poor Things ২০২৪ চনৰ অস্কাৰ বঁটাত সৰ্বাধিক মনোনয়ন লাভ কৰা ছবিসমূহৰ ভিতৰত অন্যতম ৷ এই ছবিখনে লাভ কৰিছে ১১টা মনোনয়ন ৷ সেয়ে এই ছবিখনৰ বাবে Yorgos শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে ৷
Jonathan Glazer (The Zone of Interest)
বিগত বছৰ জোনাথন গ্লেজাৰে দ্য জ’ন অৱ ইন্টাৰেষ্ট ছবিখন নিৰ্মাণ কৰিছিল, যিখন ছবিয়ে খুবেই জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছিল৷ ছবিখনে অস্কাৰত ইতিমধ্যে নিজৰ আধিপত্য বিস্তাৰ কৰিছে ৷ ছবিখনে মুঠ ই চাৰিটা মনোনয়ন লাভ কৰিছে ৷ শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত হৈছে Jonathan Glazerএ ৷