গুৱাহাটী,২৬ ছেপ্টেম্বৰ: চলিত বৰ্ষৰ শেষৰ ফালে আহি আছে এখন নতুন অসমীয়া ৱেব চিৰিজ 'স্কেম ২০১৯' । বুধবাৰে মুকলি কৰা হয় আহিবলগীয়া এই নতুন ৱেব চিৰিজখনৰ অফিচিয়েল পোষ্টাৰ । ৰেড চিনেমাছ প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা এই ৱেব চিৰিজখনৰ পৰিকল্পনা আভিজিৎ শৰ্মাৰ । জানিব পৰা অনুসৰি এজন উদণ্ড আৰু দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়াৰ ওপৰত এটা কাল্পনিক কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই নতুন অসমীয়া ৱেব চিৰিজখন ।
ৱেব চিৰিজখনৰ সন্দৰ্ভত আভিজিৎ শৰ্মাই এক প্ৰেছ বার্তা যোগে জনাই,"আমাৰ আহিবলগীয়া ৱেব ছিৰিজ 'স্কেম ২০১৯'ৰ আজি পোষ্টাৰ মুকলি কৰি অতিশয় আনন্দ অনুভৱ কৰিছো । দীপাৱলীৰ সময়ত আমি ৱেব ছিৰিজখনৰ অফিচিয়েল ট্ৰেইলাৰ মুকলি কৰিম । বছৰৰ শেষৰফালে এই ৱেব ছিৰিজখন ৰেড চিনেমাছ ১৮+ নামৰ অ'টিটি প্লেটফর্মত মুক্তি দিয়া হ'ব ।”
লগতে শৰ্মাই জনোৱা অনুসৰি চিৰিজখন,"এখন সমাজৰ পৰিচয় আৰু সংস্কৃতি ৰক্ষাৰ বাবে নিযুক্ত কৰা বিষয়াই তেওঁৰ কৰ্তব্যৰ বিপৰীতে এটা দশকৰ সৰ্ববৃহৎ কেলেংকাৰীৰ সৈতে জড়িত হৈ পৰে । পৰিণামস্বৰূপে সেই বিষয়াজন কেৱল বিত্তীয় লোকচানৰ কাৰণ হোৱাই নহয়, বৰং শাৰীৰিক-মানসিক আৰু আনকি ৰাজ্যখনৰ পৰিচয়ৰ বাবেও এক ভয়াৱহ সংকট হৈ পৰে । এনে এক কাহিনী সামৰি ৱেব চিৰিজখন নিৰ্মাণ কৰা হৈছে ।"