চিটাৰা ডেস্ক, ২ ফেব্ৰুৱাৰী: দক্ষিণৰ ছবিত নিজৰ উৎকৃষ্ট অভিনয়ৰে অনুৰাগীক মোহিত কৰা থালাপতী বিজয় সন্দৰ্ভত এটা ডাঙৰ খবৰ পোৱা গৈছে ৷ আচলতে অভিনয়ৰ জগতৰ পৰা ৰাজনীতিলৈ ঢাপলি মেলিছে থালাপতী বিজয়ে ৷ হয়, লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাজনীতিত প্ৰৱেশ কৰাৰ কথা ঘোষণা কৰিছে থালাপতী বিজয়ে । আনকি তেওঁ নিজৰ দলৰ নামো ঘোষণা কৰিছে । বিজয়ৰ দলৰ নাম হৈছে ‘তামিলাগা ভেত্ৰী কঝগম’ । ইয়াৰ সমান্তৰালকৈ বিজয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে তেওঁ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা নকৰে আৰু এই নিৰ্বাচনত তেওঁ কোনো দলকো সমৰ্থন নকৰে । সাধাৰণ আৰু কাৰ্যবাহী পৰিষদৰ বৈঠকৰ বাবে এই সিদ্ধান্ত লৈছে বুলিও উল্লেখ কৰে ।
বিজয়ে নিজৰ বিবৃতিত কয়,‘‘ আমি আজি নিৰ্বাচন আয়োগত আবেদন কৰিছো আমাৰ দল 'তামিলাগা ভেত্ৰী কঝগম' পঞ্জীয়ন কৰিবলৈ । আমাৰ লক্ষ্য আগন্তুক ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হোৱা ৷ লগতে মৌলিক ৰাজনৈতিক পৰিৱৰ্তন আনিবলৈ, যিটো ৰাইজে বিচাৰে ।’’
দক্ষিণৰ ছুপাৰষ্টাৰ বিজয়