চিটাৰা ডেস্ক, 29 এপ্ৰিল : অবৈধভাৱে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ষ্ট্ৰীমিং গোচৰৰ সন্দৰ্ভত অভিনেত্ৰী তমান্না ভাটিয়াক মহাৰাষ্ট্ৰৰ চাইবাৰ চেলে তলব কৰিছিল । অভিনেত্ৰীগৰাকী ২৯ এপ্ৰিলত উপস্থিত হোৱাৰ কথা আছিল যদিও তেওঁ উপস্থিত নাথাকি অধিক সময় বিচাৰিছিল ।
সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, সম্প্ৰতি তমান্না ভাটিয়া মুম্বাইৰ বাহিৰত আছে । সেইবাবে অভিনেত্ৰীগৰাকীয়ে চাইবাৰ চেলত উপস্থিত থাকিব নোৱাৰিলে ৷ অভিনেত্ৰীগৰাকীক এই গোচৰটোৰ সন্দৰ্ভত মুম্বাই চাইবাৰ চেলে 25 এপ্ৰিলত চমন জাৰি কৰিছিল ৷ এই চমন অনুসৰি অভিনেত্ৰীগৰাকী আজি তথা 29 এপ্ৰিলত হাজিৰ হ'ব লাগিছিল ।
ইতিমধ্যে এই ঘটনা সন্দৰ্ভত বিখ্যাত ৰেপাৰ বাদশ্বাহ আৰু অভিনেত্ৰী জেকলিন ফাৰ্ণাণ্ডেজক সোধা-পোছা কৰা হৈছে । একে সময়তে, অভিনেতা ছাহিল খানকো এই গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে ৷ জানিব পৰা মতে অভিনেতা ছাহিলক 1 মে'লৈকে আৰক্ষীৰ জিম্মাত ৰাখিব ৷