অসম

assam

ETV Bharat / entertainment

মূৰৰ ওপৰৰ আকাশখন একেবাৰে আঁতৰিল কণ্ঠশিল্পী কমলিকা কাশ্যপৰ - TABLA PLAYER BHUPEN DAS PASSES AWAY

অকলশৰীয়া হৈ পৰিল প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ । শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে কমলিকা কাশ্যপৰ পিতৃ তবলাবাদক ভূপেন দাসে ।

singer Kamalika Kashyap father tabla player Bhupen Das passes away
অকলশৰীয়া হৈ পৰিল কণ্ঠশিল্পী কমলিকা কাশ্যপ (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 17, 2025, 6:17 PM IST

গুৱাহাটী/বাইহাটা : নিয়তিৰো যেন সহ্য নহ'ল ! মাতৃক কাঢ়ি নিয়াৰ পিছত পিতৃকো কাঢ়ি লৈ গ'ল ঈশ্বৰে ৷ পিতৃহাৰা হ'ল উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপ । সুকণ্ঠী গায়িকা প্ৰয়াত ভিতালী দাসৰ স্বামী তথা উদীয়মান কণ্ঠশিল্পী কমলিকা কাশ্যপৰ পিতৃ তবলাবাদক ভূপেন দাসে শুক্ৰবাৰে শেষ নিশ্বাস ত্যাগ কৰে ।

প্ৰাপ্ত তথ্য অনুসৰি, ভূপেন দাস দীৰ্ঘদিন ধৰি আক্ৰান্ত হৈ আছিল মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত । আজি জি এন আৰ চি হাস্পতালত চিকিৎসাধীন অৱস্থাত শেষ নিশ্বাস ত্যাগ কৰে ভূপেন দাসে ।

মূৰৰ ওপৰৰ আকাশখন একেবাৰে আঁতৰিল কণ্ঠশিল্পী কমলিকা কাশ্যপৰ (ETV Bharat Assam)

সাংস্কৃতিক ক্ষেত্ৰত বিশেষভাৱে জড়িত আছিল ভূপেন দাস । এসময়ত পত্নী ভিতালী দাসৰ অনুষ্ঠানত তবলা বজাইছিল ভূপেন দাসে । ভূপেন দাসৰ বিয়োগত শোক প্ৰকাশ কৰিছে উত্তৰ গুৱাহাটী, আমিনগাঁৱৰ বিভিন্ন দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতে সাংস্কৃতিক জগতৰ বহু ব্যক্তিয়ে । গুৱাহাটীৰ ভূতনাথ শ্মশানত শেষকৃত্য সম্পন্ন কৰা হ'ব ভূপেন দাসৰ ।

ভূপেন দাসৰ বিয়োগত শোক প্ৰকাশ কৰি কণ্ঠশিল্পী বৰ্ণালী কলিতাই এক ফেচবুক পোষ্ট যোগে উল্লেখ কৰে,"অতি দুখ মনেৰে জনাও আজি শিল্পী দিৱসৰ দিনাখনেই আমি আৰু এগৰাকী শিল্পীক হেৰুৱালো । কিছু সময় পূৰ্বে জানিব পাৰিলো যে আজি ভিতালী বাইদেউৰ স্বামী তথা কমলিকাৰ পিতৃ তবলাবাদক ভূপেন দাই ইহ সংসাৰ ত্যাগ কৰিছে । অত্যন্ত মৰ্মাহত হৈছো । হে প্ৰভূ শক্তি দিয়া আমাৰ কমলিকাজনীক ।"

ইফালে কণ্ঠশিল্পী দীপলিনা ডেকায়ো ফেচবুক যোগে মনৰ দুখ ব্যক্ত কৰে ৷ তেওঁ লিখে, "ঈশ্বৰে আমাৰ কমলিকা মাইনাক শক্তি দিয়ক । শিল্পী দিৱসতে আন এজন শিল্পীক আমি হেৰুৱালো ।" ভিন্নজনে শোক প্ৰকাশ কৰিছে শিল্পীগৰাকীৰ বিয়োগত ।

উল্লেখ্য যে ২০২১ চনত মৃত্যু হৈছিল কমলিকাৰ মাতৃ সুকণ্ঠী গায়িকা ভিতালী দাসৰ । ক’ভিডত আক্রান্ত হৈ ভিতালী দাসৰ মৃত্যু ঘটিছিল । মাতৃৰ মৃত্যুৰ ৪ বছৰৰ পাছত আজি পিতৃকো হেৰুৱালে কমলিকাই ।

লগতে পঢ়ক :এসোঁতা চকুলো-এবুকু দুখেৰে ৰাজীৱ শদিয়াৰ ৰাজহুৱা তিলনি

ABOUT THE AUTHOR

...view details