অসম

assam

ETV Bharat / entertainment

হিয়া দিয়া নিয়াৰ 25 বছৰ; অতীতক ৰোমন্থন কৰি আৱেগিক যতীন - HIYA DIYA NIYA 25 GLORIOUS YEARS

হিয়া দিয়া নিয়াৰ এটি গীতৰ শ্বুটিঙলৈ মনত পেলাই নষ্টালজিক হৈ পৰিল অভিনেতা যতীন বৰা । ক’লে শ্বুটিঙৰ সময়ৰ বহু কথা ৷

Superhit Assamese film Hiya Diya Niya enters it 25 glorious years actor jatin bora becomes nostalgic
নষ্টালজিক হৈ পৰিল অভিনেতা যতীন বৰা (Photo : ETV Bharat Assam)

By ETV Bharat Entertainment Team

Published : Jan 21, 2025, 4:03 PM IST

Updated : Jan 21, 2025, 4:46 PM IST

গুৱাহাটী :হিয়া দিয়া নিয়া, ছবিখনৰ নাম নুশুনা অসমীয়া নোলাব চাগৈ ৷ এখন ছুপাৰহিট অসমীয়া ছবি ৷ অসমীয়া ছবি চাই ভালপোৱা প্ৰতিজন দৰ্শকৰে মনত এই ছবিখনে দখল কৰি আছে এক বিশেষ স্থান ৷ ২০০০ চনৰ ফেব্ৰুৱাৰী মাহত মুক্তি লাভ কৰা এই জনপ্ৰিয় অসমীয়া ছবিখনে এই বছৰ ভৰি দিছে ৰূপালী জয়ন্তী বর্ষত । ছবিখনৰ লগতে ইয়াৰ অনুৰাগী আৰু কলা-কুশলীসকলৰ বাবে এটা বিশেষ বৰ্ষ নিশ্চয়কৈ ৷

‘হিয়া দিয়া নিয়া’ ৰ ২৫ বছৰীয়া জয়ন্তী উদযাপন কৰিছে অভিনেতা যতীন বৰাই । সামাজিক মাধ্যমত ভিডিঅ’ বাৰ্তা যোগে মনৰ ভাৱ প্ৰকাশ কৰিছে অভিনেতাজেন ৷ বিশিষ্ট পৰিচালক মুনিন বৰুৱাদেৱৰ ‘হিয়া দিয়া নিয়া’ ছবিখনৰ অন্যতম শ্ৰেষ্ঠ গীত আছিল ‘মিঠা মিঠা আজি সপোনৰে’। এই গীতটো অৰুণাচলৰ কোন ঠাইত কেনেদৰে শ্বুটিং কৰা হৈছিল তাকেই ভিডিঅ’ যোগে জনালে যতীন বৰাই ।

ভিডিঅ’টোত অভিনেতাগৰাকীয়ে উল্লেখ কৰে, "মিঠা মিঠা আজি সপোনৰে, অজানিতে চোৱা মন ভৰে, এই গীতটিত আমি সোণাপুৰৰ সৰিয়হ খেতিৰ মাজেৰে গাড়ীখন চলাই লৈ গৈ থাকো, তাৰ পাছত আমি গুচি যাও অৰুণাচলৰ টাৱাঙলৈ । তাৰ আগতে টাৱাঙলৈ মই গৈ পোৱা নাছিলো । তাত আমি যিটো জলপ্ৰপাতত শ্বুটিং কৰিছিলো সেইটো বলীউডৰ 'কয়লা' ছবিখনতো আছে । টাৱাঙত আমি ঠাণ্ডাৰ মাজতে শ্বুটিং কৰিছিলো । ছবিখনৰ মুক্তিৰ পাছত এনেকুৱা ঘটনাও সংঘটিত হৈছিল য’ত এখন বিদ্যালয়ৰ ৯ গৰাকী ছাত্ৰই মনে মনে গৈ ছবিখনত দেখুওৱা বিভিন্ন লোকেশ্যন বিচাৰি ফুৰিছিল ।" তলৰ লিংকটোত আপোনালোকে যতীন বৰাৰ ভিডিঅ’টো চাব পাৰিব-

উল্লেখ্য যে, ২০০০ চনৰ ২৫ ফেব্ৰুৱাৰীত মুক্তি লাভ কৰিছিল ছবিখনে । যতীন বৰা, ৰবি শৰ্মা, লুনা লহকৰ, গীতাৱলী ৰাজকুমাৰী, প্ৰাঞ্জল শইকীয়া আৰু মৃদুলা বৰুৱাই অভিনয় কৰা এই ছবিখনে সেই সময়ত সমগ্ৰ ৰাজ্যতে আলোড়ন সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । ছবিখন চাবলৈ ছবিগৃহৰ সমুখত লানি-নিছিগা সোঁত বৈছিল দৰ্শকৰ । কাহিনীৰ অনন্য আবেদনে আজিও মুগ্ধ কৰে ছবিখন উপভোগ কৰা দৰ্শকক । সেইসময়ত ছবিখনৰ মুঠ উপাৰ্জন আছিল প্ৰায় ১ কোটি টকা । ‘হিয়া দিয়া নিয়া’ ছবিখনৰ সংগীত পৰিচালনা কৰিছিল জুবিন গাৰ্গে । এই ছবিখনৰ জৰিয়তেই অসমীয়া ছবিৰ সংগীত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰিছিল জুবিন গাৰ্গে ৷

লগতে পঢ়ক :মহাভৈৰৱ মন্দিৰত উপস্থিত অভিনেত্ৰী পদ্মিনী কোলহাপুৰে, ক’লে- ছাৰপ্ৰাইজ...

Last Updated : Jan 21, 2025, 4:46 PM IST

ABOUT THE AUTHOR

...view details