চিটাৰা ডেস্ক, ২৪ জানুৱাৰী: কোৰিয়ান থ্ৰিলাৰ ৱেব ছিৰিজ স্কুইড গেমৰ প্ৰথম ছিজনটোৱে বিশ্বজুৰি আলোড়ন সৃষ্টি কৰিছিল । দৰ্শকে বৰ ভাল পাইছিল এই ৱেব ছিৰিজখন । প্ৰথম ছিজনটো হিট হোৱাৰ পিচত নেটফ্লিক্সে ২০২৩ চনত দ্বিতীয় ছিজনৰ ঘোষণা কৰিছিল । লগতে দ্বিতীয় ছিজনৰ ফাৰ্ষ্ট লুক টিজাৰো মুকলি কৰিছিল । দৰ্শকে এই ছিজনটোলৈ বহুদিন ধৰি অপেক্ষা কৰি আছিল । এতিয়া অন্ত পৰিব অনুৰাগীৰ অপেক্ষা ৷ কাৰণ নেটফ্লিক্সে ঘোষণা কৰিছে দ্বিতীয় ছিজনৰ মুক্তিৰ তাৰিখ ।
শেহতীয়াকৈ নেটফ্লিক্সে প্ৰকাশ কৰিছে স্কুইড গেমৰ ছিজন ২ ৰ মুক্তিৰ তাৰিখ । মঙলবাৰে নেটফ্লিক্সে ছ’চিয়েল মিডিয়াত এটা পোষ্টৰ জৰিয়তে শ্বেয়াৰ হোল্ডাৰসকললৈ লিখা এখন পত্ৰযোগে ছিজন ২ ৰ কথা ঘোষণা কৰে । পত্ৰখনত নেটফ্লিক্সে নিশ্চিত কৰিছে যে ২০২৪ চনৰ শেষৰ ফালে ইয়াৰ প্ৰিমিয়াৰ হ’ব । প্ৰযোজক হাৱাং ডং-হ্যুকৰ পৰা কোৰিয়ান ছাৰ্ভাইভেল ড্ৰামা ছিৰিজখন ২০২১ চনত ষ্ট্ৰীম কৰা হৈছিল । সেইটো ছিজনো নেটফ্লিক্সে নিজৰ প্লেটফৰ্মত ষ্ট্ৰীম কৰিছিল।