চিটাৰা ডেস্ক, 10 ছেপ্টেম্বৰ :বলীউড অভিনেতা সোহেইল খানক যোৱা নিশা মুম্বাইৰ এখন ৰেস্তোঁৰাৰ পৰা ওলাই অহা দেখা যায় ৷ সকলোৱে অনুমান কৰিছে যে তেওঁ নতুন প্ৰেমিকাৰ সৈতে ডিনাৰ ডেটলৈ গৈছিল । সোহেইলে 2022 চনত বিবাহ বিচ্ছেদৰ বাবে আবেদন কৰিছিল ৷ অভিনেতাজনে সীমা সচদেৱৰ সৈতে তেওঁৰ 24 বছৰীয়া বিবাহৰ সমাপ্তি ঘটায় । হয়তো এই বিচ্ছেদৰ পিছত প্ৰেমে তেওঁৰ জীৱনত পুনৰ প্ৰৱেশ কৰিছে ৷ তেওঁক যোৱানিশা অন্য এগৰাকী নাৰীৰ সৈতে দেখাৰ পিছৰে পৰা এই লৈয়ে জল্পনা-কল্পনা চলিছে ।
সোহেইলৰ জীৱনলৈ প্ৰেমৰ আগমন
মঙলবাৰে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে সোহেইল খানৰ এটা ভিডিঅ’, য’ত তেওঁক বান্দ্ৰাৰ এখন ৰেস্তোঁৰাৰ পৰা ওলাই অহা দেখা গৈছিল । সেই সময়ত সকলোৰে দৃষ্টি আকৰ্ষণ কৰা কথাটো আছিল তেওঁৰ গাড়ীৰ ভিতৰত বহি থকা এগৰাকী ৰহস্যময়ী নাৰী । দুয়োকে কেজুৱেল লুকত দেখা গৈছিল । সোহেইলে ধূসৰ ৰঙৰ টি-চাৰ্ট আৰু নীলা ৰঙৰ ডেনিম পিন্ধিছিল, আনহাতে চৰ্চা লাভ কৰা নাৰীগৰাকীয়ে ক’লা টি-চাৰ্ট আৰু বগা পেণ্ট পিন্ধিছিল । অৱশ্যে এই ৰহস্যময়ী নাৰীগৰাকী কোন এতিয়াও জানিব পৰা হোৱা নাই ।